নলবাৰী, 7 জানুৱাৰী: বৃহস্পতিবাৰে নলবাৰী জিলাৰ পূৱ-নলবাৰীৰ পাইকাৰকুছিস্থিত ৰাজকদমতলৰ শ্ৰীশ্ৰী হৰিমন্দিৰ (পাণ্ডাৰ থান) চৌহদত নিৰ্মাণ কৰিবলগীয়া কৃষক শ্বহীদ ভৱনৰ আধাৰশিলা স্থাপন কৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷ অসম চৰকাৰৰ দ্বাৰা আৱন্টিত আনটাইড ফাণ্ডৰ ১০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হ'ব ঐতিহ্যমণ্ডিত কৃষক ভৱনটো ৷ আধাৰশিলা স্থাপন অনুষ্ঠানটোত ভাষণ প্ৰসংগত ৰাজ্যিক সভাপতি গৰাকীয়ে কয়, বিজেপি চৰকাৰে সকলো শ্ৰেণীৰ মানুহৰ উন্নয়নৰ বাবে কাম কৰে ৷ অনাগত দিনত ভৱনটো নিৰ্মাণৰ ক্ষেত্ৰত পুনৰ ধন আৱন্টন দিব ৷
নলবাৰীৰ পাইকাৰকুছিত কৃষক শ্বহীদ ভৱনৰ আধাৰশিলা স্থাপন
ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বৃহস্পতিবাৰে নলবাৰী জিলাৰ পূৱ-নলবাৰীৰ পাইকাৰকুছিস্থিত ৰাজকদমতলৰ শ্ৰীশ্ৰী হৰিমন্দিৰ প্ৰাংগণত কৃষক শ্বহীদ ভৱনৰ আধাৰশিলা স্থাপন কৰে ৷ ১০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া কৃষক শ্বহীদ ভৱনটোৰ আধাৰশিলা স্থাপন অনুষ্ঠানত কেতবোৰ মন্তব্য আগবঢ়াই সভাপতি গৰাকীয়ে ৷
নলবাৰীৰ পাইকাৰকুছিত কৃষক শ্বহীদ ভৱনৰ আধাৰশিলা স্থাপন
উল্লেখ্য যে,আধাৰশিলা স্থাপন অনুষ্ঠানত নলবাৰীৰ বিধায়ক অশোক শৰ্মা,নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকাকে ধৰি প্ৰায় তিনি শতাধিক লোকে অংশগ্ৰহণ কৰে ৷ সভাপতি ৰঞ্জিত দাসে সাংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে,কংগ্ৰেছৰ বহু বিধায়কে আকৌ যোগদান কৰিবলৈ ইচ্ছা কৰি আছে কিন্তু আমি যোগদান নিবিচাৰো,লিডাৰ নহয় আমাক কেডাৰ লাগে। নলবাৰীত চাৰ্ভেৰ ভিত্তিতহে দলীয় টিকট দিয়া হ'ব ৷