নলবাৰী, ৮ জানুৱাৰী :অসমৰ ৰাজনীতিত সূচনা হ’ব নতুন ইতিহাসৰ । আঞ্চলিকতাবাদৰ ধজ্জা উৰুৱাই একেলগ হ’ব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ । নলবাৰীৰ বদনী আখিয়াত ৰাইজৰ দলৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত একেখন মঞ্চত বহিব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃবৰ্গ (Foundation day of Raijor dol)।
নলবাৰীৰ বদনী আখিয়াত আজি অনুষ্ঠিত হৈছে ৰাইজৰ দলৰ দ্বিতীয় কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । এই প্ৰতিষ্ঠা দিৱসতেই দুটাকৈ আঞ্চলিকতাবাদী দলৰ মিত্ৰতা হ’ব বুলি জানিব পৰা গৈছে ৷ ৰাইজৰ দলৰ দ্বিতীয় কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত একেখন মঞ্চতে বহিব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ (MLA Akhil Gogoi) আৰু অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা (Asom jatiyo parishad Jagadish Bhuyan)। আঞ্চলিকতাবাদৰ ধ্বজ্জা উৰুৱাই একেখন মঞ্চতে বহিব ৰাজ্যৰ নৱগঠিত আঞ্চলিকতাবাদী দল দুটা ৷
ৰাইজৰ দলৰ দ্বিতীয় কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে ৷ তাৰ পাচতেই বন্তি প্ৰজ্বলন কৰা হয় ৷ কা আন্দোলনত প্ৰাণ হেৰুওৱা পাঁচ গৰাকীকৈ শ্বহীদলৈ অনুষ্ঠানটোৰ যোগেদি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ অনুষ্ঠানটোত উপস্থিত ৰাইজৰ দলৰ প্ৰতিনিধি সকলে কা আন্দোলনৰ পঞ্চ শ্বহীদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ।