অসম

assam

By

Published : Mar 25, 2021, 12:49 PM IST

ETV Bharat / state

নলবাৰীত তিনি শতাধিক যুৱকৰ বিজেপিত যোগদান

নলবাৰী সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ গৃহত কেইবা শতাধিক যুৱকে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত । প্ৰাক্তন ছাত্ৰ নেতা তথা ক্ৰীড়া সংগঠক চন্দন হালৈৰ নেতৃত্বত বিজেপিত যোগদান কৰে তিনিশৰো অধিক যুৱকে ।

former student leader joins bjp in nalbari
নলবাৰীত তিনি শতাধিক যুৱকৰ বিজেপিত যোগদান

নলবাৰী, 25 মাৰ্চ:নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত অধিক তৎপৰতা বৃদ্ধি পোৱা দেখা গৈছে । ভোটাৰৰ মন জয় কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছে দলসমূহে । মুঠৰ ওপৰত আকৰ্ষণীয় হৈ পৰিছে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান ।

নলবাৰীত তিনি শতাধিক যুৱকৰ বিজেপিত যোগদান

বুধবাৰে মাজনিশা নলবাৰী সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ গৃহত কেইবা শতাধিক যুৱকে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত । মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে নিৰ্বাচনী সভাৰ পৰা গৃহত উপস্থিত হোৱাৰ লগে লগে আৰম্ভ হ’ল যোগদান কাৰ্যসূচী ।

প্ৰাক্তন ছাত্ৰ নেতা তথা ক্ৰীড়া সংগঠক চন্দন হালৈৰ নেতৃত্বত তিনিশৰো অধিক যুৱকে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত । মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰাৰ কথা ব্যক্ত কৰিছে যুৱকসকলে ।

লগতে পঢ়ক: ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান পলাশ চাংমাইৰ

ABOUT THE AUTHOR

...view details