অসম

assam

ETV Bharat / state

নলবাৰীত নিৰ্বাচনী প্ৰচাৰত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাভিছ

মঙলবাৰে নলবাৰীলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাভিছ উপস্থিত হয় বৰাজোল হাইস্কুলৰ খেলপথাৰত ।

By

Published : Mar 16, 2021, 8:46 PM IST

নলবাৰীত নিৰ্বাচনী প্ৰচাৰত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ
নলবাৰীত নিৰ্বাচনী প্ৰচাৰত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ

নলবাৰী,16 মাৰ্চঃ অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নলবাৰীত বিজেপি, কংগ্ৰেছ ,অসম জাতীয় পৰিষদকে ধৰি ভিন্ন দলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । নলবাৰী সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাই লাভ কৰিছে প্ৰাৰ্থিত্ব ৷ প্ৰাৰ্থীগৰাকীলৈ সমৰ্থন আগবঢ়াই বিৰোধী দলসমূহৰ বহু কৰ্মী-নেতাই যোগদান আৰম্ভ কৰিছে গেৰুৱা দলটোত ৷ মঙলবাৰে নলবাৰী সমষ্টিলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাভিছ উপস্থিত হয় বৰাজোল হাইস্কুলৰ খেলপথাৰত ।

উক্ত খেলপথাৰত কেইবা হাজাৰ ৰাইজৰ উপস্থিতি দেখি বিজেপিৰ কৰ্মকৰ্তাসকলৰ উৎসাহ বৃদ্ধি হোৱা দেখা যায় । পূৱ নলবাৰী অঞ্চলৰ অগপ-কংগ্ৰেছ দলৰ প্ৰতি মোহভংগ হৈ বহুসংখ্যক কৰ্মীয়ে বিজেপিৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বৰ প্ৰতি মোহিত হৈ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত যোগদান কৰে বিজেপিত ।

নলবাৰীত নিৰ্বাচনী প্ৰচাৰত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাভিছ

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাভিছে কংগ্ৰেছ-এআইইউডিএফক তীব্ৰ ভাষাৰে সমালোচনা কৰে । সভাত মঙলদৈ লোকসভাৰ প্ৰভাৰী অৰবিন্দ যাদৱ, বিজেপি দলৰ মুখপাত্ৰ ৰূপম শৰ্মা, নলবাৰীৰ বিধায়ক অশোক শৰ্মা, নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা, জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰ সমন্বিতে দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে ।

লগতে পঢ়কঃ 5 বছৰীয়া উন্নয়নৰ বাবে শাসনৰ বাঘজৰী পিন্ধিব বিজেপিয়ে: দেৱেন্দ্ৰ ফাড়নাভিছ

ABOUT THE AUTHOR

...view details