নলবাৰীত কেমেৰাৰ সন্মুখতে বালি মাফিয়াৰ দৌৰাত্ম্য - sand syndicate
চালান বিহীনভাৱে আৰু কৰ ফাঁকিৰে অহৰ্নিশে ডাম্পাৰ ট্ৰেক্টৰৰ সহায়ত বালি মাফিয়া পাগলাদিয়া নদীৰ বুকুত খনন কাৰ্য চলোৱাৰ অভিযোগ স্থানীয়ৰ
![নলবাৰীত কেমেৰাৰ সন্মুখতে বালি মাফিয়াৰ দৌৰাত্ম্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5058290-thumbnail-3x2-dj.jpg)
নলবাৰীত বালি মাফিয়া
নলবাৰী, 14 নৱেম্বৰঃ নলবাৰীত বালি মাফিয়াৰ দৌৰাত্ম্য । দিনে নিশাই বালি মাফিয়াই পাগলাদিয়া নৈৰ বুকুত চলাইছে অবৈধ বালি খনন । চালান বিহীনভাৱে আৰু কৰ ফাঁকিৰে অহৰ্নিশে ডাম্পাৰ ট্ৰেক্টৰৰ সহায়ত বালি মাফিয়াই পাগলাদিয়া নদীৰ বুকুত খনন কাৰ্য চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । বালি মাফিয়াই জে চি বিৰ সহায়ত খনন চলাইছে জিলাখনৰ বৰমুৰিকোণাস্থিত পাগলাদিয়া পাৰঘাটত । স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত নলবাৰী বন বিভাগক অৱগত কৰে যদিও বৰ্তমান পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ অঞ্চলবাসীৰ ৷
নলবাৰীত বালি মাফিয়া