নলবাৰী, ১৪ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশৰ নাগৰিকক সুৰক্ষিত ৰাখিবলৈ দেশত লক ডাউন ঘোষণা হোৱাৰ পাচৰে পৰা সকলো লোক এতিয়া ঘৰতে আবদ্ধ থাকিবলৈ বধ্য হৈছে । ফলত বহু লোকে খাদ্য সামগ্ৰীৰ সংকটত ভুগিব লগীয়া হৈছে ।
নলবাৰীৰ গুৱাকুছি সত্ৰৰ খাদ্য সামগ্ৰী বিতৰণ - লক্ ডাউন
লক্ ডাউনৰ মাজত আৰ্তজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে নলবাৰীৰ গুৱাকুছি সত্ৰ । বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত খাদ্য বিতৰণ ।

নলবাৰীৰ গুৱাকুছি সত্ৰৰ খাদ্য সামগ্ৰী বিতৰণ
সম্প্ৰতি এনে এক জটিল সময়ত আৰ্তজনৰ কাষত থিয় দিছে নলবাৰীৰ গুৱাকুছি গাওঁত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱৰ গুৱাকুছি শাখা সত্ৰৰ সদস্যই । সত্ৰখনে অন্য এক নিদৰ্শন দাঙি ধৰি কেবাটাও হিন্দু-মুছলমান পৰিয়াললৈ আগবঢ়াইছে সাহায্য ।
নলবাৰীৰ গুৱাকুছি সত্ৰৰ খাদ্য সামগ্ৰী বিতৰণ
সাম্প্ৰতিক সময়ত একাংশই বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য আগবঢ়াই আহিছে যদিও ইয়াৰ বিপৰীতে গুৱাকুছি সত্ৰই এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ।