অসম

assam

ETV Bharat / state

নলবাৰীৰ ভিন্ন প্ৰান্তৰ বান পৰিস্থিতি : সমস্যাত কৃষকসকল - নলবাৰীৰ উত্তৰ বালি অঞ্চল

নলবাৰীৰ ভিন্ন প্ৰান্তৰ বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হ'লেও সমস্যাত পৰিছে কৃষকসকল ৷ হাজাৰ হাজাৰ বিঘা মাটি বানে ধংস কৰাৰ ফলত উপায়হীন হৈ পৰিছে কৃষকসকল ৷

সমস্যাত কৃষকসকল
নলবাৰীৰ ভিন্ন প্ৰান্তৰ বান পৰিস্থিতি

By

Published : Jul 18, 2020, 5:24 PM IST

নলবাৰী, 18 জুলাই :প্ৰতি বছৰে হোৱা বানে নলবাৰীৰ উত্তৰ বালি অঞ্চলৰ কেইবাখনো গাঁও প্লাৱিত কৰি আহিছে ৷ কৃষকে অতি কষ্টৰে কৰা হাজাৰ হাজাৰ বিঘা কৃষি ভূমি বালিয়ে পুতি পেলোৱাৰ ফলত কৃষকৰ সপোন ভাঙি চূৰমাৰ হয় ৷ উত্তৰ বালিৰ মহাজন চুবুৰীটোৰ নিচেই কাষত থকা মৰা পাগলদিয়া নৈয়ে প্ৰতিবছৰে বান্ধ ভঙাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি কৰি আহিছে । আনহাতে,ইয়াৰ ফলত চুবুৰীটোত বৃহৎ জলাশয়ৰো সৃষ্টি হয় ।

শেহতীয়াকৈ বান কিছু পৰিমাণে হ্ৰাস পাইছে যদিও বানাক্ৰান্তসকলৰ জীৱন স্বাভাৱিক অৱস্থালৈ উভতি অহা নাই । ঘৰৰ ভিতৰত সোমোৱা পানীৰ ফলত কাৰোবাৰ ঘৰ যদি বোকাময় হৈ পৰিছে তেন্তে কাৰোবাৰ ঘৰত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ।

নলবাৰীৰ ভিন্ন প্ৰান্তৰ বান পৰিস্থিতি

ইফালে বছৰৰ পিছত বছৰ ধৰি এই অঞ্চলটো বানে বুৰাই পেলোৱাৰ পাচতো আজিলৈকে ইয়াৰ স্থায়ী সমাধান উলিয়াব পৰা নাই । উল্লেখযোগ্য যে, বিগত বছৰটোত উক্ত অঞ্চলৰ মথাউৰিটো মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰিছিল যদিও কোনো সুফল নাপালে । এতিয়া অঞ্চলটোৰ কৃষকসকলে হাজিৰা কৰি পৰিয়াল পোহপাল দিছে যদিও কৰ'ণা ভাইৰাছৰ বাবে সমস্যাৰ সন্মুখীন হৈছে । ইফালে বানপীড়িত লোকসকলক চৰকাৰে কিছু সাহাৰ্য দিছে যদিও পৰ্যাপ্ত নহয় ৷

লগতে পঢ়ক :কৰ'ণা ত্ৰাসৰ মাজতে ৬০০ লোকক নিযুক্তি দিলে ভাৰতীয় সেনাৰ পৰ্টাৰ কোম্পানীয়ে

ABOUT THE AUTHOR

...view details