নলবাৰী, ১৮ মে' :অসমত বাৰিষাৰ প্ৰথমটো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Flood situation grim in Assam)। বিভিন্ন জিলাৰ লক্ষাধিক লোক বানৰ কৱলত পৰিছে । বাঢ়নী পানীয়ে নলবাৰী জিলাৰো কেইবাটাও অঞ্চল বুৰাই পেলাইছে । জিলাখনৰমৰা পাগলাদিয়া আৰু বুঢ়াদিয়া নৈয়ে প্লাৱিত কৰিছে ইখনৰ পাছত সিখন গাঁও ।
বুঢ়াদিয়া নদীয়ে কালৰূপ ধাৰণ কৰিছে ধৰ্মপুৰ সমষ্টিৰ লখোপুৰৰ বিস্তীৰ্ণ অঞ্চলত (Flood situation of Nalbari)। সমষ্টিটোৰ ২০ খনতকৈও অধিক গাঁও এতিয়া পানীৰ তলত । লখোপুৰ, ভোজকুছি, হাৰিভাঙাকে ধৰি কেইবাটাও অঞ্চলৰ ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।
পানীৰ তলত কেইবাটাও গুৰুত্বপূৰ্ণ পথ । যাৰ ফলত বহু অঞ্চলত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে । অঞ্চলটোৰ ৰাইজৰ লগতে পশুকূল আৰু পক্ষীকূলো খাদ্য সংকটত পৰা দেখা গৈছে ।
ইয়াৰ সমান্তৰালকৈ মৰা পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে মঙলবাৰে বৰমা সমষ্টিৰ টিহু ৰাজহ চক্ৰৰ পশ্চিম নাম্বৰভাগ গাঁও পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ ভোজকুছিৰ ত্ৰিবেনী ঘাটত মথাউৰি চিগি বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰে । বহু লোকৰ ঘৰ-দুৱাৰ বানে উটুৱাই লৈ যায় । কৃষি প্ৰধান অঞ্চলটোত ইতিমধ্যে কেইবাখনো কৃষি পথাৰ মৰা পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে । ইয়াৰ মাজতে ভুক্তভোগী লোকে জলসম্পদ বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ।
চৰকাৰে মথাউৰিসমূহ বিজ্ঞান সন্মতভাৱে মেৰামতি নকৰাৰ ফলতে এইদৰে মথাউৰি চিগি যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । পঞ্চায়তৰ জৰিয়তে লাখ লাখ টকাৰ আঁচনি লোৱা হয় যদিও মেৰামতিৰ কাম সঠিক ৰূপত নকৰা বুলিও অভিযোগ কৰিছে ৰাইজে । আনহাতে পশ্চিম নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ আমানি বাবাৰ থানৰ কাষতে থকা কাঠৰ দলংখনো বুঢ়াদিয়া নৈৰ কোৱাল সোঁতে উটুৱাই লৈ যায় । ফলত সমগ্ৰ অঞ্চলটোৰ ৰাইজ এতিয়া আৱদ্ধ হৈ পৰিছে ।
লগতে পঢ়ক :Assam flood updates : বানত আক্ৰান্ত ৰাজ্যৰ চাৰি লক্ষাধিক জনতা