নলবাৰী ,১৭ জুন :ৰাজ্য়ত বানৰ ভয়াৱহ ৰূপ অব্য়াহত আছে । বৰুণ দেৱতাৰ কোপদৃষ্টিত অসহায় হৈ পৰিছে ৰাজ্য়খনৰ জনতা । যোৱা কেইবাদিনো ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সকলোৰে নাজল-নাথল অৱস্থা । এতিয়া ৰাজ্য়খনৰ চৌদিশে কেৱল বানৰ তাণ্ডৱ । ৰাজ্য়খনৰ আন জিলাৰ লগতে নলবাৰীতো নিতৌ ন-ন অঞ্চলত বানত বুৰ গৈছে । এইবাৰ নলবাৰী-হাজো সীমান্তত ছিগিল বৰলীয়া নৈৰ মথাউৰি (Nalbari submerged in Flood)। ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে হাজাৰ হাজাৰ ৰাইজৰ ।
বৰলীয়া নৈৰ মথাউৰি ছিঙি মূহুৰ্ততে প্লাৱিত কৰিলে নলবাৰী আৰু কমৰচপৰ হাজো সীমান্তৱৰ্তী কেইবাখনো গাঁও । বানৰ ভয়ংকৰ ৰূপ দেখি ৰাইজে ইতিমধ্য় টালি-টোপোলা লৈ নিৰাপদ স্থানলৈ গমন কৰিছে । ইপিনে, নলবাৰীত বান পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হ'ল স্থানীয় বিধায়ক তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । মন্ত্ৰীগৰাকীয়ে আশ্ৰয় শিৱিৰত উপস্থিত হৈ দুৰ্যোগৰ সময়ত সকলোকে একত্ৰিত হ'বলৈ আহ্বান জনায় । আনহাতে, নলবাৰী চহৰৰ বান সন্দৰ্ভতো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেতবোৰ মন্তব্য অগবঢ়ায় (Minister Jayanta Malla Bariah visited flood effected areas in Nalbari) ।
শুকুৰবাৰেও বঙাইগাওঁ জিলাৰ উত্তৰ অভয়াপুৰীত আই আৰু মানাহ নদীৰ ৰূদ্ৰ ৰূপ অব্য়াহত আছে । প্লাবিত হৈছে অৰ্ধ শতাধিক ৰাজহ গাওঁ । নতুনকৈ বহুতো গাওঁ জলমগ্ন হোৱাৰ খৱৰ পোৱা গৈছে । আই আৰু মানাহ নৈৰ জলপৃষ্ঠ বৃদ্ধি পাই প্লাবিত কৰিলে ন-ন অঞ্চল । কীৰ্তনপাৰা-ডাঙাইগাঁও সংযোগী পকী ৰাস্তাৰ ওপৰেদি বাগৰিছে পানী । ইপিনে,মানাহ নৈৰ পানীয়ে বুৰাই পেলালে মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত অৰ্ধশতাধিক গাওঁ । লুংঝাৰ, ১ আৰু ২নং ধুপুৰী, খৰিবাৰী, পশ্চিম বৰবিলা নোৱাপাৰা, ভাণ্ডাৰা, জামদহা, ভাটিপাৰা, বৰবাখৰা জলমগ্ন হৈছে ।