অসম

assam

ETV Bharat / state

ৰাজ্যত অব্যাহত বানৰ তাণ্ডৱ - উত্তৰ অভয়াপুৰী

ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ। বানৰ কবলত পৰিছে উজনিৰ পৰা নামনিলৈ সকলো অঞ্চল। বানাক্ৰান্তই ঢাপলি মেলিছে নিৰাপদ স্থানলৈ ।

ৰাজ্যত অব্যাহত বানৰ তাণ্ডৱ

By

Published : Jul 24, 2019, 4:08 PM IST

নিউজ ডেস্ক,২৪জুলাই : ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ। উজনিৰ পৰা নামনিলৈ চৌদিশে এতিয়া কেৱল পানী আৰু পানী। নলবাৰী জিলাৰ ধমধমা,বালিতাৰা,বৰআগ্ৰা,চতাইবাৰী,নমাতিকে ধৰি বহু অঞ্চল প্লাৱিত হৈ পৰিছে । মঙলবাৰে নিশা ভাৰতীয় সেনাই উদ্ধাৰ কৰে বানাক্ৰান্তসকলক। ইফালে,চিৰাঙৰো বহু অঞ্চলত বানে চলায় সন্ত্ৰাস। বানৰ বাবে অঞ্চলটোৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ যায় উটি। বিলাসীপাৰাতো ভয়ংকৰ ৰূপ লৈছে বানে। ভূটানে এৰি দিয়া পানী অস্বাভাৱিক গতিত বৃদ্ধি পাইছে গৌৰাং নৈৰ পানী। ডিয়াবাৰী,আন্দুৰঝাৰ,এলেংমাৰী,নয়াপাৰা, শিমলাবাৰী আদি গাঁৱত জলবন্দী সহস্ৰাধিক লোক ৷ NDRF,SDRF আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে ওৰে নিশা উদ্ধাৰ কৰে বানাক্ৰান্তসকলক। হাকামা অঞ্চলতো বাঢ়নী পানীৰ সোঁতে ছিঙি নিয়ে পথটোৰ আধা অংশ। বঙাইগাঁৱৰ উত্তৰ অভয়াপুৰীত গড়কাপ্তানী পথ ছিঙাৰ ফলত ব্যাহত হৈ পৰে যোগাযোগ ব্যৱস্থা ।

ৰাজ্যত অব্যাহত বানৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details