নলবাৰী, ৪ ছেপ্টেম্বৰ:নলবাৰী জিলাৰ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ এটা সঁজাতি দলে সোমবাৰে বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ বান-গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে । বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কালাৰচৰ, ভাংনামাৰী, কুৰিহামাৰী-বৰচুলিয়া তিনিটা পঞ্চায়ত এতিয়া প্ৰৱল গৰাখহনীয়াৰ কৱলত । হেজাৰ-হেজাৰ মানুহ এতিয়া গৰাখহনীয়াৰ কৱলত পৰি গৃহহীন হ’বলগীয়া হৈছে । বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ নিৰ্দেশমৰ্মে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ এটা সঁজাতি দলে গৰাখহনীয়াৰ কৱলত পৰা কুৰিহামাৰী পঞ্চায়তৰ লোকৰ পৰিস্থিতি বুজ লোৱাৰ লগতে প্ৰায় সাত শতাধিক মানুহৰ মাজত চিৰা, চেনী আৰু ত্ৰিপাল বিতৰণ কৰে ।
বৃহত্তৰ চৰ অঞ্চলটোত প্ৰতিবছৰে অহা বানপানী আৰু গৰাখহনীয়াৰ বাবে হেজাৰ-হেজাৰ মানুহ ইতিমধ্যে অন্য ঠাইলৈ উঠি গৈছে যদিও চৰকাৰে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল মজিদে অঞ্চলটো পৰিদৰ্শন কৰি সংখ্যালঘু বসতি প্ৰধান অঞ্চল হোৱা বাবে চৰকাৰে হেমাহিৰ দৃষ্টিৰে চোৱা বুলি মন্তব্য কৰে । ইফালে জিলা প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে কোনো সাহায্য লাভ নকৰাৰ কথা ব্যক্ত কৰে স্থানীয় লোকসকলে ।