নলবাৰী, 8 আগষ্ট: বিগত দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে সংহাৰী ৰূপ ধাৰণা কৰি নৈপৰীয়া আৰু কৃষক ৰাইজক বিলাই বিপত্তি নোহোৱা কৰিছে ৷ বানে আশ্ৰয়স্থলকে ধৰি খাদ্য সামগ্ৰীৰ সমস্যা সৃষ্টি কৰাৰ সময়তে শনিবাৰে নলবাৰী সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অধীনৰ চটাইবাৰীত সাংসদ দিলীপ শইকীয়াৰ উদ্যোগত বন্যাৰ্তসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।
শনিবাৰে দুপৰীয়া চটাইবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত উত্তৰ বৰশিৰাল অঞ্চলৰ প্ৰায় দুই শতাধিক বানপীড়িতৰ মাজত সাংসদ দিলীপ শইকীয়াৰ উদ্যোগত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহ সদস্য মধুৰাম ডেকাৰ তত্বাৱধানত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । বন্যাৰ্তসকলক স্বাস্থ্য বিভাগৰ সকলো নীতি নিৰ্দেশনা মানি এই সাহায্য বিতৰণত সহায়োগিতা আগবঢ়াই নলবাৰী জিলা বিজেপিৰ সম্পাদক দিপেন কলিতা,নলবাৰী বিজেপিৰ টাউন মণ্ডল সভানেত্ৰী অজিতা বৰ্মন, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বিজয় বৰ্মণ, চটাইবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মিনি ডেকা, বুথ সভাপতি মুনিন কলিতা, বিজেপি নেতা তথা কটকীয়া গাওঁ সভাৰ সদস্য বাপুতি কলিতা আদি কৰি ভালেসংখ্যক বিজেপিৰ কাৰ্যকৰ্তাই ।