নলবাৰী,26 জুন:নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম নাম বৰভাগ পঞ্চায়তৰ উত্তৰ বালিত মৰা পাগলাদিয়াৰ মথাউৰি প্ৰতি বছৰে বাৰিষাৰ বাঢ়নী পানীৰ কোবাল সোঁতে চিঙাৰ ফলত যথেষ্ঠ ক্ষতিৰ সন্মুখীন হয় নৈপৰীয়া ৰাইজ ৷ বানে অঞ্চলটোত প্ৰতিবছৰে বহু লোকৰ ঘৰ-দুৱাৰ,সা-সম্পত্তি, কৃষি ভূমিৰ লগতে পশুধনৰ বিস্তৰ ক্ষতি সাধন কৰে ৷ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেইবাবাৰো উক্ত অঞ্চলৰ মথাউৰি নিৰ্মাণৰ বাবে কোটি কোটি টকাৰ আৱন্তন দিয়া হৈছে যদিও সেয়া কাৰ্যত সম্পূৰ্ণ হৈ নুঠিল ৷ প্ৰকৃতাৰ্থত চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগৰ আমোলা-বিষয়া, ঠিকাদাৰৰ বাবে একপ্ৰকাৰ সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে মৰা পাগলাদিয়াৰ উক্ত মথাউৰি নিৰ্মাণৰ কাম ৷ যাৰ ফল ভোগ কৰিবলগীয়া হৈছে নৈপৰীয়া ৰাইজে ৷ এইবাৰো বাৰিষাৰ দ্বিতীয়টো বানে টিহু-আখৰা সংযোগী গড়কাপ্তানি পথৰ দক্ষিণে মহাজনপাৰা, উত্তৰ বালি, শিয়ালমাৰী, বালি, হাৰিভাঙা আদি বৃহৎ অঞ্চল প্লাৱিত কৰে ৷ বাৰিষাৰ আগমনৰ লগে লগে জলসম্পদ বিভাগে পথটোৰ দক্ষিণ দিশে কৃষি বান্ধ নিৰ্মাণৰ কাম কৰিবলৈ 45নং পশ্চিম নামবৰভাগ পঞ্চায়তক দায়িত্ব অৰ্পণ কৰে যদিও সেয়া বানৰ পূৰ্বে সম্পূৰ্ণ নহ’ল ৷ বিগত বৰ্ষতো ৰাজ্যৰ জলসম্পদ মন্ত্রী কেশৱ মহন্তই উক্ত অঞ্চলৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হ'ল ৷
বানে বুৰালে টিহুৰ বিস্তীৰ্ণ অঞ্চল: নীৰৱ প্ৰশাসন - Flood in nalbari tihu etv bharat
বাৰিষাৰ দ্বিতীয়টো বানে শুকুৰবাৰে নলবাৰী জিলাৰ টিহু-আখৰা সংযোগী গড়কাপ্তানি পথৰ দক্ষিণে বৃহৎ অঞ্চল প্লাৱিত কৰিছে ৷ জলসম্পদ বিভাগে পথটোৰ দক্ষিণ দিশে কৃষি বান্ধ নিৰ্মাণৰ কাম কৰিবলৈ 45নং পশ্চিম নামবৰভাগ পঞ্চায়তক দায়িত্ব অৰ্পণ কৰে যদিও সেয়া বানৰ পূৰ্বে সম্পূৰ্ণ নহ’ল ৷ বিভাগৰ এই কাৰ্যত ক্ষুব্ধ হৈ নলবাৰী জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা সভাপতি গুণজ্যোতি পাঠকে শীঘ্ৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷
সেয়ে শুকুৰবাৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকৰ নেতৃত্বত টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মৃদুল বৰ্মন,সাধাৰণ সম্পাদক হিম আকাশ কলিতাৰ লগতে ৰতনপুৰ শাখা ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকৰ অৱস্থাৰ বুজ লোৱাৰ লগতে উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাই চৰকাৰক ৷ ছাত্ৰ নেতা পাঠকে জলসম্পদ বিভাগক কঠোৰ সমালোচনা কৰি শীঘ্ৰে ভগ্ন মথাউৰি নিৰ্মাণৰ দাবী জনায় ৷ নেতা গৰাকীয়ে পৰিৱৰ্তনকামী চৰকাৰৰ দিনত সাধাৰণ জনতাই সকলো ক্ষেত্ৰতে চৰম দুৰ্দশাত দিন কটাবলগীয়া হোৱাটো অতি দুৰ্ভাগ্যৰ বিষয় বুলি আক্ষেপ প্ৰকাশ কৰে ৷ লগতে জলসম্পদ মন্ত্ৰী আৰু জিলা উপায়ুক্তক এইক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণৰ দাবীৰে জিলা আছুৰ সভাপতি গুণজ্যোতি পাঠকে আগন্তুক সময়ত কঠোৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷ ইতিমধ্যে বানপীড়িত অঞ্চলত এছডিআৰএফ বাহিনীৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে ৷
লগতে চাওকঃআমিনগাঁৱৰ জয়গুৰু বৌদ্ধ মন্দিৰৰ সমীপত ভয়ংকৰ ভূমিস্খলন