নলবাৰী, 2 জুলাই: নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ ফলত হাহাকাৰ পৰিস্থিতি নলবাৰীত ৷ উফন্দি উঠা নৈ উপনৈ সমূহৰ পানীৰ কবলত এতিয়া আৰক্ষী চকী । বানৰ কবলত পৰিল নলবাৰীৰ বৰভাগৰ কমাৰকুছি আৰক্ষী চকী। সম্পূৰ্ণ ৰূপে জলমগ্ন হৈ পৰিল কমাৰকুছি আৰক্ষী চকী ৷
উল্লেখযোগ্য যে,এতিয়া কৰ’ণা ভাইৰাছ আৰু বানৰ লগত একেলগে সহাৱস্থান কৰিব লগা হৈছে আৰক্ষী সকলে। কমাৰকুছি আৰক্ষী চকীৰ কোৱাটাৰত এক আঠু পৰ্যন্ত পানী ৷ আনকি এতিয়া বিচনাৰ কাষলৈ উঠিছে পানী। বাহিৰে ভিতৰে অহা যোৱা পথ এতিয়া জলমগ্ন ৷ যাৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে এইসকল আৰক্ষী বিষয়া কৰ্মচাৰীসকল । বিচনাৰ ওপৰতে ৰন্ধা,বঢ়া খোৱা একেলগে কৰিব লগা হৈছে । আনকি বানৰ ফলত কলৰ ভুৰত আহ যাহ কৰিবলগীয়া হৈছে এইসকল আৰক্ষীয়ে ।