নলবাৰী, 3 নৱেম্বৰ :অনিয়মৰ অভিযোগৰ বাবে মুকালমুৱাত পাঁচ গৰাকী পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে ।বৰক্ষেত্ৰী উন্নয়ন খণ্ডত কৰ্মৰত তিনি কণিষ্ঠ অভিযন্তা আৰু দুই কম্পিউটাৰ সহায়কক চাকৰিৰ পৰা দিয়া হৈছে অব্যাহতি ।
এমজিএনৰেগা আৰু পিএমএৱাই আঁচনি ৰূপায়নত দুৰ্নীতি আৰু বিত্তীয় অনিয়মৰ বাবে বিভাগে অব্যাহতি দিয়ে কৰ্মচাৰী কেইজনক । বৰক্ষেত্ৰী উন্নয়ন খণ্ডত অস্থায়ীভাৱে কৰ্মৰত স্বীকৃতিপ্ৰাপ্ত অভিযন্তা আমানুৰ ৰহমান, আতিকুৰ ৰহমান, আব্দুল কৰিমক অব্যাহতি দিয়া হৈছে ৷ লগতে একে অভিযোগত অস্থায়ীভাৱে কৰ্মৰত কম্পিউটাৰ সহকাৰী মতিউৰ ৰহমান, সুৰজিৎ বৰ্মনক তৎকালেই বলৱৎ হোৱাকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কৈৰীৰ এক নিৰ্দেশৰ্মে অব্যাহতি দিয়া হয় ।