মীন বিভাগৰ অভিযানত জব্দ মাছমৰীয়াৰ জাল
নলবাৰীৰ মুকালমুৱাত মীন বিভাগৰ অভিযান জব্দ জাল ৷ আইনমতে বৰ্জনীয় জালসমুহ ব্যৱহাৰ কৰি আছিল একাংশ মাছমৰীয়াই ৷ দৌলাশাল আৰক্ষীৰ সহযোগত জিলা মীন বিভাগৰ এই অভিযান
নলবাৰী, 17 মে’ : মীন আইন উলংঘাকাৰীৰ বিৰুদ্ধে নলবাৰীৰ মুকালমুৱাত মীন বিভাগৰ অভিযান ৷ অভিযানত কাপলাবড়িৰ ব্ৰহ্মপুত্ৰৰ পাৰ ঘাটত বৃহৎপৰিমাণৰ মাছমৰীয়াৰ মাছ ধৰা জাল জব্দ কৰে বিভাগটোৱে । কণীযুক্ত মাছ ধৰাৰ লগতে আইনমতে বৰ্জনীয় জালসমুহ ব্যৱহাৰ কৰি আছিল একাংশ মাছমৰীয়াই ৷ দৌলাশাল আৰক্ষীৰ সহযোগত জিলা মীন বিষয়া প্ৰতুল বেজবৰুৱাৰ নেতৃত্বত এটা দলে পুৱা 4 বজাৰ পৰা ব্ৰহ্মপুত্ৰ নৈত চলাইছিল অভিযান । জব্দ কৰা জালসমুহ জমা ৰখা হৈছে দৌলাশাল আৰক্ষী চকীত ৷ থলুৱা কণীযুক্ত মাছ নধৰিবলৈ বিভিন্ন প্ৰচাৰ চলোৱা হৈছে বুলি জানিবলৈ দিয়ে বিভাগীয় কৰ্তৃপক্ষই ৷