নলবাৰী,29 মে’: মুকালমুৱাৰ লাউতোলাত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড ৷ বিদ্যুতৰ তাঁৰত লাগি খেৰ ভৰ্তি বাহনত জুই লাগে । জানিব পৰা মতে, স্থানীয় জাকিৰ আলী নামৰ লোকজনে নিজৰ বাহনখনেৰে ঘোগা গাঁৱলৈ খেৰ নি থাকোতে লাওতোলাত বিদ্যুতৰ তাৰ স্পৰ্শ কৰাত অগ্নিকাণ্ডটো সংঘটিত হয় । বাহনত জুই লগা দেখি লগে লগে স্থানীয় ৰাইজে বাহনখনৰ পৰা খেৰসমূহ উলিয়াই জুইৰ পৰা ৰক্ষা কৰে বাহনখনক ।
মুকালমুৱাৰ লাউতোলাত ভয়ংকৰ অগ্নিকাণ্ড - laotula
মুকালমুৱাৰ লাউতোলাত বিদ্যুতৰ তাঁৰত লাগি খেৰভৰ্তি গাড়ীত জুই লাগে ৷ স্থানীয় লোকৰ সহযোগত এই জুই নিৰ্বাপন হয় ৷
![মুকালমুৱাৰ লাউতোলাত ভয়ংকৰ অগ্নিকাণ্ড fire-broke-out-in-a-car](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11941541-thumbnail-3x2-bh.jpg)
মুকালমুৱাৰ লাউতোলাত ভয়ংকৰ অগ্নিকাণ্ড
মুকালমুৱাৰ লাউতোলাত ভয়ংকৰ অগ্নিকাণ্ড
খেৰৰ ধোঁৱাই অঞ্চলটোত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰে । স্থানীয় লোকৰ তৎপৰতাত এই অগ্নি নিৰ্বাপন কৰা হয় । আনহাতে, গ্ৰামাঞ্চলৰ বিদ্যুৎ সংযোগ ব্যৱস্থা কিমান ভয়ংকৰ অৱস্থাত আছে, এই দুর্ঘটনাৰ জৰিয়তে তাৰ উমান ল’ব পাৰি । সেয়ে স্থানীয় লোকে বিদ্যুৎ পৰিবাহী তাঁৰসমূহৰ উচিত ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনায় ।
লগতে পঢ়ক : সাময়িক ভাৱে স্থগিত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অনশন