অসম

assam

ETV Bharat / state

নাৰায়ণপুৰ হাইস্কুলত অগ্নিকাণ্ডত জাহ গ’ল মূল্যবান সামগ্ৰী - দুষ্ট চক্ৰৰ দ্বাৰা অগ্নিসংযোগৰ অভিযোগ নাৰায়ণপুৰ হাইস্কুলত

মুকালমুৱাৰ নাৰায়ণপুৰ হাইস্কুলত অঘটন ৷ বৃহস্পতিবাৰে নাৰায়ণপুৰ হাইস্কুলত সংঘটিত এক এক অগ্নিকাণ্ডৰ ঘটনা (Fire broke out at Narayanpur high school) ৷ জুইত জাহ যায় বিদ্যালয়ৰ বহি নথি-পত্ৰ আৰু আচবাব ৷

Fire broke out at mukalmua
দুষ্ট চক্ৰৰ দ্বাৰা অগ্নিসংযোগৰ অভিযোগ নাৰায়ণপুৰ হাইস্কুলত

By

Published : Mar 18, 2022, 10:50 AM IST

নলবাৰী 18 মাৰ্চ :মদ, ভাং, ড্ৰাগছ আদি সেৱনৰ আড্ডাৰ স্থলীলৈ পৰিণত হৈছে মুকালমুৱাৰ নাৰায়ণপুৰ হাইস্কুল ৷ বিদ্যালয়খনৰ চাৰিসীমাৰ বেৰ নথকাৰ সুযোগ লৈ কোনো দুষ্ট চক্ৰই বিদ্যালয়ৰ ছুটীৰ পাচত সঘনে আহ-যাহ কৰে এই স্থানলৈ ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ দুষ্ট চক্ৰৰ ঠেক মানসিকতাৰ বাবেই বৃহস্পতিবাৰে মুকালমুৱাৰ নাৰায়ণপুৰৰ হাইস্কুলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (Fire broke out at Narayanpur high school) । এই অগ্নিকাণ্ড জাহ যায় হাইস্কুলখনত থকা কিতাপ, চকী-মেজ, ডেস্ক-বেঞ্চ ইত্যাদি ৷ এই অভিযোগ তৰিছে বিদ্যালয়খনৰ শিক্ষক তথা স্থানীয় ৰাইজে ৷

দুষ্ট চক্ৰৰ দ্বাৰা অগ্নিসংযোগৰ অভিযোগ নাৰায়ণপুৰ হাইস্কুলত

তথ্য অনুসৰি, বিদ্যালয়খনৰ ষ্ট’ৰ ৰুমত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা (Fire broke out at Mukalmua) । ষ্ট’ৰ ৰুমটোত কোনো দুষ্ট চক্ৰই ড্ৰাগছ বা নিচাজাতীয় সামগ্ৰী আদি সেৱন কৰি অগ্নি সংযোগ কৰি দিয়াৰ সন্দেহ স্থানীয় লোকৰ । প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বৃহস্পতিবাৰে দিনৰ ভাগত বিদ্যালয়খনৰ পৰা পৰিস্ফূট হৈছিল ধোঁৱা নিৰ্গত হোৱাৰ দৃশ্য ৷

তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ ৷ খবৰ দিয়া হয় অগ্নি নিৰ্বাপক বাহিনীক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ উল্লেখ্য যে, স্থানীয় ৰাইজৰ দাবী, বিদ্যালয়খনত চাৰিবেৰ নথকাৰ সুযোগ লৈ বিভিন্ন সময়ত বিদ্যালয় খনৰ পৰা চুৰি হৈছে কম্পিউটাৰকে আদি কৰি বহু সামগ্ৰী ৷

লগতে পঢ়ক :Wild fire in Balipara reserve forest: বালিপৰা সংৰক্ষিত বনাঞ্চলত নিৰ্বাপিত হোৱা নাই জুই

ABOUT THE AUTHOR

...view details