নলবাৰী, 26 অক্টোবৰ :মুকালমুৱাৰ ৰামপুৰত ভয়ংকৰ অগ্নিকাণ্ড। ৰামপুৰৰ চ‘ক বজাৰৰ ব্যৱসায়িক এলেকাত সংঘটিত হয় অগ্নিকাণ্ড। জুইত জাহ যায় চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। চত্তাৰ আলীৰ গডৰেজ-আলমিৰাৰ দোকানৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ। লগতে চম্পক বৈশ্য নামৰ লোকজনৰ চাহ দোকান, লক্ষ্য বৰ্মনৰ চেণ্ডেলৰ দোকান আৰু আলী চান্দৰ সাৰৰ দোকান ভস্মীভূত হয় জুইত ।
ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল চাৰিখনকৈ দোকান - ৰামপুৰৰ চ‘ক বজাৰ
ৰামপুৰৰ চ‘ক বজাৰৰ ব্যৱসায়িক এলেকাত অগ্নিকাণ্ড। জুইত জাহ যায় চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। অগ্নিকাণ্ড সংঘটিত হোৱাৰ বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ দল।
![ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল চাৰিখনকৈ দোকান fire broke out at mukalmua](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9316248-thumbnail-3x2-hjh.jpg)
fire broke out at mukalmua
ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল চাৰিখনকৈ দোকান
অগ্নিকাণ্ডৰ ফলত ৰামপুৰৰ সমগ্ৰ আকাশ ক'লা ধোৱাৰে ছানি ধৰিছে । অগ্নিকাণ্ড সংঘটিত হোৱাৰ বহু পলমকৈ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হয়। পলমকৈ হ'লেও অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী উপস্থিত হোৱাত ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰে অঞ্চলবাসী ৷