নলবাৰী, 29 আগষ্ট:নলবাৰীৰ বৰাজোলত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় (Fire breakout at Borajol)৷ দেওবাৰে নিশা প্ৰায় 11 বজাত কুশল দাস নামৰ লোকজনৰ চাহ দোকানত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় চাহৰ দোকানখন (Tea stall burnt in fire incident)৷
লগে লগে স্থানীয় লোকে হুৱা-দুৱা লগোৱাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰে ৷ অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত অগ্নি নিৰ্বাপিত হোৱাৰ ফলত নিকটৱৰ্তী বাকী ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ ৰক্ষা পৰে ৷ অগ্নিকাণ্ডৰ খবৰ পাই ঘগ্ৰাপাৰ আৰক্ষী উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনীও উপস্থিত হয় ঘটনাস্থলীত ৷