নলবাৰী, 23 নবেম্বৰ :কিছুদিন পূৰ্বে কমেডিয়ান অভিনেতা বীৰ দাসে(Comedian Veer Das) আমেৰিকাত কৰা এটা stand up comedy অনুষ্ঠানে দেশ জুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে ৷ বিশেষকৈ, ইন্টাৰনেট যোগে বীৰ দাসৰ এই অনুষ্ঠান সম্প্ৰাচাৰ হোৱাৰক পিছতে ইয়াকলৈ সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷ এফালে, একাংশই হাস্য ৰসিকতা বুলি বীৰৰ অনুষ্ঠানটোত কোনো ভুল নাই বুলি কোৱাৰ লগতে আন একাংশই ইয়াক দেশদ্ৰোহ বুলি অভিহিত কৰিছে ৷
উত্তৰাখণ্ডৰ দেৰাদুনৰ নিৱাসী বীৰৰ বিৰুদ্ধে মঙলবাৰে ভাৰতীয় জনতা যূৱ মৰ্চা(Bharatiya Janta Party)ই সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন থানাত এজাহাৰ দাখিল কৰিছে (FIR filed against comedian veer das) ৷ বিশেষকৈ, ভগৱান ৰামচন্দ্ৰ, সীতাদেৱী আৰু পবিত্ৰ ধৰ্ম গ্ৰন্থ ৰামায়ণক লৈ বীৰে কৰা মন্তব্যৰ বিৰুদ্ধে ক্ষোভিত হৈছে ভাৰতীয় জনতা যূৱ মৰ্চা ৷ এই পৰিপ্ৰেক্ষিতত দেশৰ আন আন প্ৰান্তৰ মঙলবাৰে সমান্তৰালভাৱে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ মণ্ডল যুৱ মৰ্চা সভাপতি সুৰেশ কলিতায়ো এখন এজাহাৰ দাখিল কৰে ।