অসম

assam

ETV Bharat / state

নলবাৰীৰ বিধায়কৰ বিৰুদ্ধে এজাহাৰ দাখিল - অশোক শৰ্মা

বিধায়কৰ লগতে বিজেপিৰ ৰাজ্যিক উপ সভাপতি জয়ন্ত মল্ল বৰুৱা , উপায়ুক্ত , আৰক্ষী অধীক্ষকৰ বিৰুদ্ধেও গোচৰ কংগ্ৰেছ দলৰ ৷

নলবাৰীৰ বিধায়কৰ বিৰুদ্ধে এজাহাৰ দাখিল
নলবাৰীৰ বিধায়কৰ বিৰুদ্ধে এজাহাৰ দাখিল

By

Published : Aug 6, 2020, 7:53 PM IST

নলবাৰী, 6 আগষ্টঃ নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ বিৰুদ্ধে আৰক্ষী থানাত নলবাৰী জিলা কংগ্ৰেছ দলে দাখিল কৰিছে এজাহাৰ ৷ বিধায়ক গৰাকীৰ লগতে অভিযোগ দিছে বিজেপিৰ ৰাজ্যিক উপ সভাপতি জয়ন্ত মল্ল বৰুৱা , নলবাৰীৰ উপায়ুক্ত , আৰু আৰক্ষী অধীক্ষকৰ বিৰুদ্ধেও ৷ নলবাৰী জিলা কংগ্ৰেছে এজাহাৰ দাখিল কৰিছে নলবাৰী সদৰ থানাত ৷

চৰকাৰী অধিসূচনাখন..
নলবাৰীৰ বিধায়কৰ বিৰুদ্ধে এজাহাৰ দাখিল

কংগ্ৰেছৰ অভিযোগ, ৰাজ্যৰ মুখ্য সচিবে কোনো ধৰ্মীয় অনুষ্ঠান , উৎসৱ পাৰ্বনত অধিক লোকৰ সমাগম কৰিব নোৱাৰিব বুলি দিয়া নিৰ্দেশক অমান্য কৰি তেওঁলোকে বুধবাৰে ধৰ্মীয় অনুষ্ঠানত অংশ লৈছিল ৷ অযোধ্যাত ৰাম মন্দিৰ ভূমি পূজনৰ লগত সংগতি ৰাখি নলবাৰী জিলাৰ খাৰজাৰা দুধনাথ বিগ্ৰহ থানত হোম-যজ্ঞৰ আয়োজন কৰিছিল ৷ য’ত অংশ লৈছিল বিধায়ক গৰাকীৰ লগতে সহস্ৰাধিক লোকে ৷

নলবাৰীৰ বিধায়কৰ বিৰুদ্ধে এজাহাৰ দাখিল
নলবাৰীৰ বিধায়কৰ বিৰুদ্ধে এজাহাৰ দাখিল
নলবাৰীৰ বিধায়কৰ বিৰুদ্ধে এজাহাৰ দাখিল

সেয়ে এতিয়া কংগ্ৰেছৰ প্ৰশ্ন, অশোক শৰ্মাই এহেজাৰ মানুহ গোট খুৱাই কিদৰে যজ্ঞ অনুষ্ঠিত কৰিব পাৰিলে, জিলা প্ৰশাসন কিম্বা আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা অনুমতি লৈছিল নে ? যদি প্ৰশাসনৰ তৰফৰ পৰা অনুমতি দিয়া হৈছিল তেতিয়া হ'লে নিয়ন্ত্ৰণৰ ব্যৱস্থা কিয় কৰা নহ'ল?

লগতে পঢ়কঃনতুন শিক্ষা নীতি ৰূপায়নৰ পূৰ্বে বড়ো মাধ্যমৰ সমস্য়া সমাধানৰ দাবী এবছুৰ

ABOUT THE AUTHOR

...view details