অসম

assam

নতুন ৰূপত আহি আছে কেব: ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : Nov 15, 2019, 7:02 PM IST

নলবাৰীত ভাষ্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণ কৰি সাংবাদিকৰ আগত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ৷ কলে সংসদৰ শীতকালীন অধিৱেশনত গৃহীত হ'ব কেব ৷

থলুৱাৰ স্বাৰ্থত অতি শীঘ্ৰে গৃহীত হব কেব: হিমন্ত বিশ্ব শৰ্মা

নলবাৰী, 15 নৱেম্বৰ: আগন্তুক সাংসদৰ শীতকালীন অধিৱেশনত গৃহীত হ'ব কেব ৷ শুকুৰবাৰে নলবাৰীত সাংবাদিকৰে হোৱা মুখামুখিত এই মন্তব্য কৰিলে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ শুকুৰবাৰে কুমাৰ ভাষ্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত অংশ লবলৈ নলবাৰীত উপস্থিত হয় বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ ইফালে, অনুষ্ঠানৰ শেষত সাংবাদিকৰে হোৱা এক মুখা-মুখিত কেব সন্দৰ্ভত কিছু তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ালে অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে ৷ যি সময়ত কেবৰ বিৰুদ্ধে ৰাজ্যত কৃষক-মুক্তি, আছুকে ধৰি বহুতো জাতীয় দল সংগঠনে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে সেই সময়তে নলবাৰীত অতি শীঘ্ৰে কেব গৃহীত কৰা হ'ব বুলি বিস্ফোৰক মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্বই ৷ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, সংসদৰ আগন্তক শীতকালীন অধিৱেশনত কেব গৃহীত হোৱাটো চূড়ান্ত কৰা হৈছে এই কথা খোদ দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে গুৱাহাটীলৈ আহি ঘোষণা কৰিছে ৷ ইফালে, কেবৰ ফলত অসমৰ খিলঞ্জীয়া মানুহৰ কোনো ক্ষতি নহয় বুলি দায়সৰা মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ সাংবাদিকে ৰাজ্যুজৰি আছু আৰু কৃষক মুক্তিয়ে অব্যাহত ৰখা কেব বিৰোধী আন্দোলন সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "গনতন্ত্ৰত সকলোৱে প্ৰতিবাদ কৰিব পাৰে ৷ প্ৰতিবাদ গনতন্ত্ৰৰ বিভূষণ" ৷

থলুৱাৰ স্বাৰ্থত অতি শীঘ্ৰে গৃহীত হব কেব: হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details