অসম

assam

ETV Bharat / state

অৱশেষত ন্যায় পালে নলবাৰীৰ মঞ্জুৱাৰা বেগমে - মালিকুছি

৯ বছৰৰ অন্তত ন্যায় পালে নলবাৰী জিলাৰ ছমাৰকুছি গাঁৱৰ মঞ্জুৱাৰা বেগমে । সোমবাৰে নলবাৰী জিলা সত্ৰ ন্যায়াধীশ আদালতে এক ঐতিহাসিক ৰায় যোগে মঞ্জুৱাৰাৰ ননন্দ হাছিনা বেগম আৰু স্বামীৰ বৌয়েক অঞ্জুৱাৰা বেগমক যাবজ্বীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১০ হেজাৰ টকাকৈ জৰিমনা বিহে

ন্যায় পালে নলবাৰীৰ মঞ্জুৱাৰা বেগমে

By

Published : Jul 9, 2019, 11:24 AM IST

নলবাৰী,৯জুলাই : ৯ বছৰৰ অন্তত ন্যায় পালে নলবাৰী জিলাৰ ছমাৰকুছি গাঁৱৰ মঞ্জুৱাৰা বেগমে। সোমবাৰে নলবাৰী জিলা সত্ৰ ন্যায়াধীশৰ আদালতে এক ঐতিহাসিক ৰায় যোগে মহিলাগৰাকীক হত্যা কৰা অপৰাধত দুগৰাকী মহিলাক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ।

ন্যায় পালে নলবাৰীৰ মঞ্জুৱাৰা বেগমে

উল্লেখ্য যে,১৭ বছৰ পূৰ্বে জিলাখনৰ ছমাৰকুছি গাঁৱৰ জীয়ৰী মঞ্জুৱাৰা বেগমক সামাজিক ভাৱে বিবাহ কৰাই আনিছিল চি আৰ পি এফৰ জোৱান ৰাজু আলীয়ে বিবাহৰ পিছত ৰাজু আলীৰ পৰিয়ালটোৱে নলবাৰী চহৰৰ মালিকুছিত নিগাজিকৈ থাকিবলৈ লৈছিল। মঞ্জুৱাৰা বেগম আৰু ৰাজু আলীৰ আছিল ৬ বছৰীয়া এটি কন্যা সন্তানৰ লগতে ৪ বছৰীয়া এটি পুত্ৰ সন্তান। বিবাহৰ পাছৰ পৰাই ৰাজুৰ পৰিয়ালে মঞ্জুৱাৰাক যৌতুকৰ বাবে প্ৰায়ে অত্যাচাৰ কৰি আহিছিল। মঞ্জুৱাৰাৰ স্বামী ৰাজু আলী কৰ্মসূত্ৰে অসমৰ বাহিৰত থকাৰ সময়তে ২০১০ চনত ৰহস্যজনক ভাৱে গৃহৰ ওচৰতে মঞ্জুৱাৰাৰ মৃতদেহ পুখুৰীৰ পাৰত উদ্ধাৰ হয়। এই মৃতদেহ উদ্ধাৰৰ পাছতে অঞ্চলটোত সৃষ্টি হৈছিল চাঞ্চল্যৰ। মঞ্জুৱাৰাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে বুলি মঞ্জুৱাৰাৰ পৰিয়াল আৰু অঞ্চলবাসীয়ে স্বামী পৰিয়ালৰ বাহন,সা-সম্পত্তি লণ্ড-ভণ্ড কৰাৰ লগতে আৰক্ষীৰ সম্মুখতে স্বামী গৃহৰ চোতালত কবৰস্থ কৰিছিল মহিলাগৰাকীৰ মৃতদেহ। ২০১০ চনত সংঘটিত সংঘটিত এই ঘটনাৰ বাবে সোমবাৰে এক ঐতিহাসিক ৰায় যোগে মহিলাগৰাকীৰ স্বামী ৰাজু আলীক নিৰ্দোষী ঘোষণা কৰাৰ লগতে মঞ্জুৱাৰাৰ ননন্দ হাছিনা বেগম আৰু স্বামীৰ বৌয়েক অঞ্জুৱাৰা বেগমক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১০ হেজাৰ টকাকৈ জৰিমনা বিহে ।

ABOUT THE AUTHOR

...view details