অসম

assam

ETV Bharat / state

Felicitation Program: মুকালমুৱাত প্ৰত্যাশাৰ উদ্যোগত কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্ধনা - HSLC and HS students

দেওবাৰে নলবাৰী জিলাৰ মুকালমুৱাত প্ৰত্যাশাৰ উদ্যোগত আয়োজন কৰা হয় এক সম্বৰ্ধনা অনুষ্ঠান (Felicitation program held in Nalbari) ৷ এই অনুষ্ঠানতে কেইবাগৰাকীও কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

Felicitation program held in Nalbari
মুকালমুৱাত প্ৰত্যাশাৰ উদ্যোগত কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্ধনা

By

Published : Oct 16, 2022, 7:31 PM IST

নলবাৰী, ১৬ অক্টোবৰ : নলবাৰী জিলাৰ মুকালমুৱাস্থিত ঐতিহ্যমণ্ডিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেওবাৰে প্ৰত্যাশা নামৰ এটা বেচৰকাৰী সংস্থাৰ উদ্যোগত আয়োজন কৰা হয় এক সম্বৰ্ধনা অনুষ্ঠান (Felicitation program held in Nalbari) । এই সম্বৰ্ধনা অনুষ্ঠানত ২০২২ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃৰ্তী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ।

তথ্য অনুসৰি, বৰক্ষেত্ৰীৰ বিভিন্ন বিদ্যালয়ৰ মুঠ ১১২ গৰাকী কৃৰ্তী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় (HS Result 2022)। বৰক্ষেত্ৰীৰ তিনিটা পৰীক্ষা কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়সমূহৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশতকৈ অধিক নম্বৰ প্ৰাপ্ত কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলক এখনি ফুলাম গামোচা, মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে প্ৰত্যাশাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।‌

লগতে পঢ়ক :SKAC fellowship 2022 : ২০২ শিক্ষাৰ্থীক হেৰম্ব নাথ বড়া উচ্চ শিক্ষা প্ৰতিভা বঁটা

আগন্তুক বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত (HSLC and HS students) স্থানপ্ৰাপ্ত প্ৰতিজন ছাত্ৰ-ছাত্ৰীক দুবছৰৰ বাবে ১০ হাজাৰ টকাকৈ জলপানি আগবঢ়াব বুলি এই অনুষ্ঠানটোতে ঘোষণা কৰে প্ৰত্যাখ্যাৰ পৰিচালক তথা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ মনোজ কুমাৰ মহন্তই ৷ ইফালে এই অনুষ্ঠানৰ জৰিয়তে সম্বৰ্ধনা লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে কৰ্তী ছাত্ৰ-ছাত্ৰীসকলো (HS and HSLC result 2022) ৷

উল্লেখ্য যে, উক্ত সম্বৰ্ধনা অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট পশু চিকিৎসক দিলীপ কুমাৰ মহন্ত, ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুদৰ্শন পাঠক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন ৰিডাৰ তথা বিশিষ্ট লিখক ফনি ডেকা, নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দিনমণি ভাগৱতীসহ বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকল ৷

লগতে পঢ়ক :কোকৰাঝাৰ ইউ এন একাডেমীত কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন

ABOUT THE AUTHOR

...view details