নলবাৰী,3 চেপ্তেম্বৰ:বিজেপিৰ মুখপাত্ৰ হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে অসম কৃষি বিপণন পৰিষদৰ উপাধ্যক্ষ মনোজ বৰুৱাই ৷ সম্প্ৰতি সমাগত অসম বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি সাজু হৈ উঠিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ বুধবাৰে বিজেপিৰ মুখপাত্ৰগৰাকী উপস্থিত হয় নলবাৰী জিলাৰ টিহু মণ্ডলৰ বিজেপি কাৰ্যালয়ত ৷ বৰুৱাই এক সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰে মত বিনিময় কৰে ৷ লগতে সংবাদ মাধ্যমৰ আগত নিৰ্বাচনৰ লগতে নতুন ৰাজনৈতিক দল গঠন সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ অসম কৃষি বিপণন পৰিষদৰ উপাধ্যক্ষ গৰাকীয়ে আছু-অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাজনৈতিক দল গঠনে ৰাজ্যৰ ৰাজনীতিত বিজেপি দলক কোনোধৰণে প্ৰভাৱিত কৰাৰ উপৰিও ক্ষতিসাধন কৰিব নোৱাৰে বুলি দৃঢ় মত পোষণ কৰে ৷
কংগ্ৰেছ আৰু এআইইউডিএফ-ৰ মিত্ৰতা কোনো নতুন কথা নহয় ৷ কিয়নো দুয়োটা দলৰে ৰাজনৈতিক চৰিত্ৰ পূৰ্বৰ পৰা একে ৷ ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত দুয়ো দলৰ প্ৰকাশ্য মিত্ৰতাই ভাৰতীয় জনতা পাৰ্টীক কিছু কিছু অঞ্চলত ক্ষতি কৰিব বুলি গুজৱ উঠিছে যদিও যদিও ৰাজ্যৰ বৃহত্তৰ ৰাজনৈতিক ক্ষেত্ৰখনত এই মিত্ৰতাই সহায়হে কৰিব বুলি বৰুৱাই স্পষ্টভাৱে প্ৰকাশ কৰে ৷ কংগ্ৰেছ চৰকাৰৰ শাসনকালত অসম তথা খিলঞ্জীয়া বিৰোধী আইএমডিটি আইন প্ৰণয়ন কৰা হৈছিল ৷ সেই আইন বাতিলৰ পিছত বাংলাদেশীক ৰক্ষণাবেক্ষণৰ বাবে এআইইউডিএফ দল গঠন হোৱা বুলি মন্তব্য দিয়ে বৰুৱাই ৷