অসম

assam

By

Published : Jun 4, 2021, 2:16 PM IST

Updated : Jun 4, 2021, 6:34 PM IST

ETV Bharat / state

বৃদ্ধাশ্ৰমৰ পৰা পুত্ৰই ঘৰলৈ নিলে বৃদ্ধ পিতৃক

নিজ পুত্ৰ-কন্যা আৰু বোৱাৰীৰ দ্বাৰা অৱহেলাৰ বলি হোৱা এগৰাকী বৃদ্ধৰ কৰুণ কাহিনী ৷ বৃদ্ধ গৰাকীয়ে আপোন ঘৰখনৰ পৰা ওলাই আহি শেষ আশ্ৰয় হিচাপে বাছি লৈছিল পদপথ ৷ নলবাৰীৰ ৰে'ল ষ্টেচনত পৰি থকা অৱস্থাত পুনীৰাম খনিকৰ নামৰ বৃদ্ধ গৰাকীক নলবাৰীৰ স্থানীয় সাংবাদিক মজিবুৰ ৰহমানে উদ্ধাৰ কৰি বিগত 10 মাহে ভৰণ-পোষণৰ দায়িত্ব লয় ৷ সাংবাদিক গৰাকীয়ে বৃদ্ধগৰাকীক ঘৰলৈ পঠিয়াব বিচাৰিছিল যদিও দুই পুত্ৰ-কন্যাই পিতৃক আঁকোৱালি ল'বলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল ৷ কিন্তু সাংবাদিক গৰাকীয়ে বিভিন্ন ধৰণে পুত্ৰ-কন্যাক বৃদ্ধগৰাকীৰ অৱস্থাৰ বিষয়ে জনাই আৰু ঘৰলৈ নিবৰ বাবে মান্তি কৰাই ৷

Shanti Niwas Old Age Home
নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমত পিতা-পুত্ৰৰ মহামিলন

নলবাৰী,4 জুন : লখিমপুৰৰ এগৰাকী বৃদ্ধৰ কৰুণ কাহিনী ৷ নিজ পুত্ৰ-কন্যা আৰু বোৱাৰীৰ দ্বাৰা অৱহেলাৰ বলি হোৱা বৃদ্ধ গৰাকীয়ে আপোন ঘৰখনৰ পৰা ওলাই আহি শেষ আশ্ৰয় হিচাপে বাছি লৈছিল পদপথ ৷ অৱশেষত সপোনৰ ঘৰখনৰ পৰা এদিন ওলাই আহি নলবাৰীৰ ৰে'ল ষ্টেচনত পৰি থকা অৱস্থাত পুনীৰাম খনিকৰ নামৰ বৃদ্ধ গৰাকীক উদ্ধাৰ কৰিছিল নলবাৰীৰ স্থানীয় সাংবাদিক মজিবুৰ ৰহমানে ৷ লখিমপুৰ জিলাৰ পদুমনি গাঁৱৰ 90 বছৰীয়া বৃদ্ধ গৰাকীক উদ্ধাৰ কৰি সাংবাদিক ৰহমানে নিজৰ বৃদ্ধাশ্ৰাম শান্তি নিৱাস বৃদ্ধ ও অনাথ আশ্ৰমলৈ লৈ আহে ৷ বিগত 10 মাহে আশ্ৰামখনে ভৰণ-পোষণৰ দায়িত্ব লয় বৃদ্ধ গৰাকীৰ ৷

নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমত পিতা-পুত্ৰৰ মহামিলন

নিজ হাতেৰে খাদ্য খুৱাই নিজ পিতৃৰ দৰে মৰম আদৰ কৰি ৰখা পুনীৰাম খনিকৰৰ দুই পুত্ৰ আৰু জীয়াৰীৰ সৈতে যোগাযোগ কৰি সাংবাদিক গৰাকীয়ে বৃদ্ধগৰাকীক ঘৰলৈ পঠিয়াব বিচাৰিছিল যদিও দুই পুত্ৰ-কন্যাই পিতৃক আঁকোৱালি ল'বলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল ৷ কিন্তু সাংবাদিক গৰাকীয়ে বিভিন্ন ধৰণে পুত্ৰ-কন্যাক বৃদ্ধগৰাকীৰ অৱস্থাৰ বিষয়ে জনাই আৰু ঘৰলৈ নিবৰ বাবে মান্তি কৰাই ৷ সেই উপলক্ষে বুধবাৰে দুই পুত্ৰই নিজৰ ভুল স্বীকাৰ কৰি পিতৃক নিজ ঘৰলৈ লৈ যোৱাৰ বাবে লিখিত প্ৰতিশ্ৰুতি দিয়ে সাংবাদিক গৰাকীক ৷

বুধবাৰে এক আৱেগিক পৰিৱেশৰ মাজতে বৃদ্ধগৰাকীক আশ্ৰমৰ পৰিচালক মজিবুৰ ৰহমানৰ লগতে আন আৱাসীসকলে বিদায় দিয়ে বৃদ্ধগৰাকীক ৷ পুনীৰাম খনিকৰেও আবেগিক হৈ হুকহুকাই কান্দিয়ে কেমেৰাৰ সন্মুখতে ৷

লগতে পঢ়ক:এইবাৰো নহয় মা কামাখ্যা মন্দিৰৰ বিশ্বপ্ৰসিদ্ধ অম্বুবাচী মেলা

Last Updated : Jun 4, 2021, 6:34 PM IST

ABOUT THE AUTHOR

...view details