অসম

assam

ETV Bharat / state

Rape Case in Rangia : 9 বছৰ ধৰি বোৱাৰীয়েকক যৌন নিৰ্যাতন শহুৰেকৰ - Rape Case in Rangia

সুদীৰ্ঘ 9 বছৰ ধৰি শহুৰেকৰ কামনাৰ বলি হৈ আহিছে এগৰাকী দুৰ্ভগীয়া বোৱাৰী (Rape case in Assam)৷

Father in law raped daughter in law at Rangia
Rape case in Rangia: 9 বছৰ ধৰি শহুৰেকৰ কামনাৰ বলি হ’ল বোৱাৰীয়েক

By

Published : Oct 17, 2022, 12:35 PM IST

Updated : Oct 17, 2022, 2:27 PM IST

ৰঙিয়া, 17 অক্টোবৰ :সাধাৰণতে আমাৰ সমাজত শহুৰেকক পিতৃৰ স্থান দিয়া হয় ৷ কিন্তু যেতিয়া এই পিতৃয়ে পাষাণৰ ৰূপ লয় তেতিয়াই নাৰী নিৰ্যাতনৰ দৰে জঘন্য সংঘটিত হয় ৷ এইবাৰ ৰঙিয়াত সংঘটিত অনুৰূপ ঘটনা (Rape case at Rangia)৷ সুদীৰ্ঘ 9 বছৰ ধৰি শহুৰেকৰ কামনাৰ বলি হৈ আহিছে এগৰাকী দুৰ্ভগীয়া বোৱাৰী (Rape case in Assam)৷

ঘটনা অনুসৰি যোৱা 10 বছৰৰ পূৰ্বে ৰঙিয়াৰ তুলসীবাৰীৰ এজন লোকৰ পুত্ৰৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল 14 বছৰীয়া কিশোৰীগৰাকীৰ ৷ তাৰ পিছতেই দুয়ো নিজৰ সম্পৰ্কক স্বীকৃতি দিবলৈ এখন সুখৰ সংসাৰৰ সপোন দেখি যুৱকজনৰ লগত বিবাহপাশত অৱদ্ধ হয় ৷ কিন্তু বিবাহৰ এবছৰৰ পিছতে দুৰ্ভগীয়া বোৱাৰীগৰাকীৰ জীৱনলৈ নামি আহিল অমানিশা ৷

বিয়াৰ এবছৰৰ পিছতে এদিন পুত্ৰ ঘৰত নথকাৰ সুযোগ বুজি 48 বছৰীয়া শহুৰেকে বোৱাৰীয়েকক উপৰ্যুপৰি ধৰ্ষণ কৰে (Father in law raped daughter in law) ৷ বোৱাৰীয়েকে শহুৰেকৰ এই কাণ্ডত চিঞৰ বাখৰ কৰিবলৈ লওঁতেই বোৱাৰীয়েকক এই ঘটনাৰ কথা অন্য কাকো নকবলৈ ধমকি দিয়ে শহুৰেকে ৷ আনকি বোৱাৰীয়েকগৰাকীৰ স্বামী তথা নিজ পুত্ৰকো এই কথা ক’লে প্ৰাণে মৰাৰ ভাবুকি দিয়ে ৷

ভীতিগ্ৰস্ত হৈ বোৱাৰীয়েকে শহুৰেকৰ কথা কাৰো আগত প্ৰকাশ নকৰিলে ৷ পৰৱৰ্তী সময়ত বোৱাৰীয়েকৰ নীৰৱতাৰ সুযোগ লৈ প্ৰতিদিনে পুত্ৰ নোহোৱা সময়ত বোৱাৰীয়েকৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰে শহুৰেকে ৷ অৱশেষত অতিষ্ঠ হৈ এদিন স্বামীক শহুৰেকৰ অপকৰ্মৰ কথা কয় মহিলাগৰাকীয়ে ৷ কিন্তু পত্নীৰ কথা বিশ্বাস নকৰি স্বামীয়ে প্ৰতিদিনে পত্নীক মাৰধৰ কৰি শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বোৱাৰীয়েকগৰকীয়ে ৷

অৱশেষত মৰণ শৰণ দি বোৱাৰীয়েকে শেহতীয়াকৈ এটা মোবাইল ফোন যোগাৰ কৰি শহুৰেকৰ কু-কৰ্মৰ ঘটনা কেমেৰাত বন্দী কৰি ৰাখে ৷ তাৰ পিছতে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ধৰ্ষিতা বোৱাৰীয়েকে ৷ লগতে মোবাইল ফোনত ৰেকৰ্ড কৰা ভিডঅ’টোকো প্ৰমাণ হিচাবে জমা দিয়ে ৷

আৰক্ষীয়ে মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত ৬৩৩/২২ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি তুলসীবাৰী আৰক্ষী চকীৰ (Tulasibari police station) আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দলে শহুৰেক আৰু স্বামীক গ্ৰেপ্তাৰ কৰে (Tulasibari police arrested accused) । ধৃত দুয়োজনকে ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক:Kidnapped student rescued: সৰভোগত টিউচন কৰিবলৈ যোৱা ছাত্ৰক অপহৰণ

Last Updated : Oct 17, 2022, 2:27 PM IST

ABOUT THE AUTHOR

...view details