নলবাৰী, 12 মে' : লক্ ডাউনৰ মাজতে নলবাৰী জিলাৰ বেলশৰৰ এখন পথাৰত বিৰিঙিছে সূৰ্যমুখীৰ হাঁহি ৷ শিক্ষিত কৃষক উৎপল বৰ্মনৰ একান্ত প্ৰচেষ্টাত অতি নান্দনিক ৰূপত ফুলি উঠিছে মনোৰম সূৰ্যমুখী ফুল সমূহ ৷
বেলশৰ ন-পাৰাৰ আদৰ্শ কৃষক জনে জনোৱা অনুসৰি, অসম চৰকাৰৰ কৃষি বিভাগৰ পৰা বীজ সংগ্ৰহ কৰি প্ৰথম বাৰৰ বাবে প্ৰায় তিনি বিঘা কৃষিভূমিত বাণিজ্যিক ভিত্তিত সূৰ্যমুখীৰ খেতি আৰম্ভ কৰি সফলতাৰ মুখ দেখিছে । কোনো ধৰণৰ বৈদ্যুতিক মটৰ নথকা কৃষকজনে নিজৰ অদম্য আগ্ৰহ আৰু অশেষ কষ্টৰে তেওঁ নিজৰ ঘৰুৱা দমকলৰেই জলসিঞ্চনৰ অভাৱ পূৰণ কৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে । লক্ ডাউনৰ মাজতো বজাৰত প্ৰচুৰ চাহিদা থকা এই সূৰ্যমুখী ফুলৰ পৰা কৃষকজন লাভৱান হ'ব বুলি আশাবাদী ৷