নলবাৰী, ২ ছেপ্টেম্বৰ : নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত খালিহাপাৰা চাকলাত জিলা প্ৰশাসনে পুখুৰীৰ বান্ধ কাটি পানী নিষ্কাষণৰে কৃত্ৰিম বানমুক্ত কৰিবলৈ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে । কিছুদিন পূৰ্বে বনপুৰা,নাৰুৱা,কালদিকে ধৰি ভিন্ন প্ৰান্তত পানী ওলাই যোৱা পথ সমূহ খুলি কৃষককৰ সমস্যা সমাধান কৰিছিল বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াই । শনিবাৰে পুনৰ খেতিপথাৰৰ পথাৰৰ পানী নিষ্কাষণৰ বাবে খালিহাপাৰা-চাকলাৰ কেইবাটাও পুখুৰীৰ বান্ধ কাটি কৃষকৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰে বৰক্ষেত্ৰী প্ৰশাসনে ।
উল্লেখযোগ্য যে একাংশ লোকে নিজৰ সুবিধাৰ বাবে পানী ওলাই যোৱা পথ সমূহ বন্ধ কৰি ৰখাৰ বাবে খেতি পথাৰ কৃত্ৰিম বানৰ কবলত পৰিছিল । যাৰ ফলত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কান্ধবাৰী,দাগাপাৰা,দৰংঙ্গীপাৰা,বালিকুছি,সূতাৰকুছিকে ধৰি কেইবাখনো গাৱঁৰ কৃষকে খেতিপথাৰত খেতি কৰিব পৰা নাই বুলি একাংশ লোকে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক অভিযোগ দাখিল কৰিছিল । চক্ৰ বিষয়া কৌস্তভ ৰয়ে পৰিস্থিতিৰ বুজ লৈ আজি চক্ৰ বিষয়াগৰাকীৰ নেতৃত্বত মুকালমুৱা আৰক্ষীৰ সহযোগত খালিহাপাৰা চাকলাত পানী নিষ্কাষণৰ বাবে কেইবাটাও পুখুৰীৰ বান্ধ খুলি দিয়ে ।