অসম

assam

ETV Bharat / state

টিহুৰ "সহযোগ" এন জি অৰ উদ্যোগত কৃষক সম্বধৰ্না সভা - কৃষক সম্বধৰ্ণা

শিক্ষাবিদ সুৰেশ চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰাক্তন ছাত্ৰ নেতা শংকৰ কুমাৰ দাস, টিহু নগৰ সমিতিৰ সভানেত্ৰী জুপিতৰা দাস আদি কেবাজনেও অংশ লয় । সভাত অঞ্চলটোৰ ৭২ গৰাকী আদৰ্শ কৃষকক সম্বৰ্দ্ধনা জনোৱাৰ লগতে কৃষকৰ মাজত সাৰ-বীজ বিতৰণ কৰে ।

টিহুৰ "সহযোগ" এন জি অৰ উদ্যোগত কৃষক সম্বধৰ্ণা সভা

By

Published : Jul 6, 2019, 10:54 AM IST

টিহু,6 জুলাই: টিহুৰ ৰাসখোলাত "সহযোগ" এন জি অৰ উদ্যোগত শুক্ৰবাৰে এখন কৃষক সম্বধৰ্না সভা অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানত অংশ লয় মন্ত্ৰী ৰঞ্জিত দত্তই । শিক্ষাবিদ সুৰেশ চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰাক্তন ছাত্ৰ নেতা শংকৰ কুমাৰ দাস, টিহু নগৰ সমিতিৰ সভানেত্ৰী জুপিতৰা দাস আদি কেবাজনেও অংশ লয় । সভাত অঞ্চল টোৰ ৭২ গৰাকী আদৰ্শ কৃষকক সম্বৰ্দ্ধনা জনোৱাৰ লগতে কৃষকৰ মাজত সাৰ-বীজ বিতৰণ কৰে । মন্ত্ৰী ৰঞ্জিত দত্তই সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত বিস্ফোৰক মন্তব্য কৰে । ৰূপজ্যোতি কুৰ্মীয়ে নহয়, বিজেপি লৈ বহু কংগ্ৰেছ বিধায়ক আহিব । লগতে কংগ্ৰেছ শূন্য হৈ যাব বুলি মন্তব্য কৰে । আনহাতে বাজেট সম্পৰ্কত ৰঞ্জিত দত্তৰ মন্তব্য: বাজেট ভাল হ'ব, এখন জনমুখী বাজেট হ'ব । ইফালে প্ৰাক্তন বিধায়ক মোহন দাসৰ মৃত্যুত শোক প্ৰকাশ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই । হস্ততাত বস্ত্ৰশিল্প বিভাগক অসম চৰকাৰে নতুন ৰূপ দিব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

টিহুৰ "সহযোগ" এন জি অৰ উদ্যোগত কৃষক সম্বধৰ্ণা সভা

ABOUT THE AUTHOR

...view details