নলবাৰী, 30 এপ্ৰিলঃসমগ্ৰ ভাৰতবৰ্ষতে ৰূপায়ণ হোৱা প্ৰধানমন্ত্ৰী "কৃষক সাহায্য"ত সংঘটিত হৈ থকা ব্যাপক দুৰ্নীতিৰ বাবে উক্ত সাহায্যৰ পৰা বঞ্চিত হৈ আহিছে ৰাজ্যৰ কেইবাশ কৃষক ৷ ফলত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ একাংশ কৃষক ৷ বৃহস্পতিবাৰে নলবাৰী জিলাৰ ১নং খাতা গাঁও পঞ্চায়তৰ সভাপতি লাৱন্য নাথ আৰু আঞ্চলিক সদস্য ৰাজীৱ দাস জিলখনৰ গোবিন্দপুৰত উপস্থিত হোৱাত অঞ্চলবাসীৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে। ফলত স্থানীয় ৰাইজৰ ৰোষত পৰে দুই জনপ্ৰতিনিধি ৷
নলবাৰীত কৃষক সাহায্যৰ নামত বিয়াগোম কেলংকাৰী ! - নলবাৰীত কৃষক সাহায্যৰ নামত বিয়াগোম কেলংকাৰী
বিষ্টুপুৰ আৰু গোবিন্দপুৰ গাঁও দুখনত প্ৰায় ১৬০ ঘৰ বৰ্মন উপাধিৰ পৰিয়ালে বসবাস কৰি আছে ৷ বৰ্মণ উপাধিৰ বাহিৰে অন্য উপাধিৰ লোক উক্ত গাঁও দুখনত নাই বুলি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । কিন্তু সাহায্যৰ বাবে দিয়া তালিকাত কেৱল আলী, বেগম, দাস, বড়ো তথা বঙালী সম্প্ৰদায়ৰ লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত হোৱাক লৈ ক্ষোভিত হৈ পৰিচে স্থানীয় ৰাইজ ৷
![নলবাৰীত কৃষক সাহায্যৰ নামত বিয়াগোম কেলংকাৰী ! নলবাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6996756-thumbnail-3x2-p.jpg)
আনহাতে উক্ত বিষয়টোৰ সৈতে কোনো ধৰণে জড়িত নহয় বুলি ৰাইজক বাৰে বাৰে স্পষ্টীকৰণ দিয়ে পঞ্চায়তখনৰ সভাপতি লাৱন্য নাথ আৰু আঞ্চলিক সদস্য ৰাজীৱ দাসে । উল্লেখ্য যে, বিষ্ণুপুৰ আৰু গোবিন্দপুৰ গাঁও দুখনত প্ৰায় ১৬০ ঘৰ বৰ্মন উপাধিৰ পৰিয়ালে বসবাস কৰি আছে ৷ বৰ্মণ উপাধিৰ বাহিৰে অন্য উপাধিৰ লোক উক্ত গাঁও দুখনত নাই বুলি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । কিন্তু সাহায্যৰ বাবে দিয়া তালিকাত কেৱল আলী, বেগম, দাস, বড়ো তথা বঙালী সম্প্ৰদায়ৰ লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত হোৱাক লৈ ক্ষোভিত হৈ পৰিচে স্থানীয় ৰাইজ ৷
আনহাতে প্ৰকৃত কৃষকক বঞ্চিত কৰি একোটা পৰিয়ালৰ তিনি চাৰিজনকৈ ব্যক্তি আৰু চৰকাৰী চাকৰিয়ালেও কৃষকৰ বাবে যোগান ধৰা 2000 কৈ টকা লাভ কৰিবলৈ সক্ষম হৈছে বুলি অভিযোগ কৰাৰ লগতে এই ক্ষেত্ৰত নলবাৰীৰ উপায়ুক্ত আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি উচিত তদন্তৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে ।
TAGGED:
কৃষক সাহায্যত কেলেংকাৰী