নলবাৰী, 25 ছেপ্তেম্বৰ:ৰাজ্যসভাত গৃহীত হোৱা তিনিখনকৈ কৃষক বিৰোধী বিধেয়ক বাতিলৰ দাবীৰে শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমতে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ অসমৰ প্ৰতিখন জিলাতে ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালককৈ নলবাৰী জিলাতো প্ৰতিবাদ সাব্যস্ত কৰে জিলাখনৰ ছাত্ৰ সন্থাৰ কৰ্মী সকলে ৷ নতুন দেহ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য আহ্বায়ক অৰিন্দম হালৈৰ নেতৃত্বত ৰূপায়ন হোৱা উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে প্ৰায় অৰ্ধশতাধিক আছু কৰ্মীয়ে ৷আছু কৰ্মী সকলে বিলকেইখনৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নিমাতী কইনা সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, কৃষি আইন বাতিল কৰক, কৃষকক সম মৰ্যদা প্ৰদান কৰিব লাগিবই, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানৰে উত্তাল কৰি তোলে পৰিৱেশ ৷
কৃষি বিধেয়কৰ প্ৰতিলিপি দাহ কৰিলে নলবাৰী ছাত্র সন্থাই - বৰাজোল আঞ্চলিক ছাত্ৰ সন্থা
ৰাজ্যসভাত গৃহীত হোৱা তিনিখনকৈ কৃষক বিৰোধী বিধেয়ক বাতিলৰ দাবীৰে শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমতে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ অসমৰ প্ৰতিখন জিলাতে ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ নলবাৰী জিলাতো প্ৰতিবাদ সাব্যস্ত কৰে জিলাখনৰ ছাত্ৰ সন্থাৰ কৰ্মী সকলে ৷
![কৃষি বিধেয়কৰ প্ৰতিলিপি দাহ কৰিলে নলবাৰী ছাত্র সন্থাই Farm bill 2020 burnt at Nalbarai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8940413-1050-8940413-1601052229759.jpg)
কৃষি বিধেয়কৰ প্ৰতিলিপি দাহ কৰিলে নলবাৰী ছাত্র সন্থাই
কৃষি বিধেয়কৰ প্ৰতিলিপি দাহ কৰিলে নলবাৰী ছাত্র সন্থাই
ইফালে বৰাজোল চ’কত অৱস্থিত বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যলয়ৰ সন্মূখতো মোদী চৰকাৰে কৃষকৰ ওপৰত জাপি দিবলৈ ওলোৱা কৃষি বিধেয়ক কেইখনৰ প্ৰতিলিপি দাহ কৰি ছাত্ৰ সন্থাৰ কৰ্মী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কংকন কলিতাৰ নেতৃত্বত হোৱা প্ৰতিবাদী কাৰ্য্যসূচীত বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে অংশ লয় ৷ কৃষি বিধেয়ক বাতিল কৰক , মোদী-শ্বাহ হায় হায় , বিজেপি হায় হায় আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷