অসম

assam

ETV Bharat / state

নলবাৰীত পৰিয়ালকেন্দ্ৰীক সংঘাতঃ গুৰুত্বৰভাৱে আহত এজন

নলবাৰীৰ বালাজানত পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবেই ভাইশহুৰে আক্ৰমণ কৰে ভাইবোৱাৰীক ৷ মুমূৰ্ষু অবস্থাত মামনি বেগমক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পৰবৰ্ত্তী সময়ত গুৱাহাটী মেডিকেল কলেজ হস্পিটেল লৈ প্ৰেৰণ কৰে ।

নলবাৰীত পৰিয়াল কেন্দ্ৰীক আক্ৰমণত আহত এজন

By

Published : Jun 26, 2019, 11:20 PM IST

নলবাৰী,26জুনঃ নলবাৰীত বুধবাৰে সংঘটিত হ'ল এক অঘটন । নিজৰ ভাইশহুৰে বৰ্বৰ ভাবে আক্ৰমণ কৰিলে ভাইবোৱাৰীক । উন্মাদ ভাইশহুৰ মন্তাজ আলিয়ে গোবৰ পেলাবলৈ ঘৰৰ পিচপিনে যাওঁতে ভাইবোৱাৰী মামনি বেগমক যধে মধে দাৰে ঘপিয়াই গুৰুতৰ ভাবে আহত কৰে । ডিঙিত, কানত, হাতত ঘপিয়াই মামনিক পেলাই থৈ পলায়ন কৰে ভাই শহুৰ মন্তাজ আলি । অৱশ্যে পিছত মন্তাজ আলিয়ে অভিযোগ উত্থাপন কৰে যে ভাইবোৱাৰীয়েকেহে প্ৰথমতে দাৰে ঘপিয়াই তেওঁক আহত কৰে । উল্লেখ্য যে পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবেই এই অঘটন সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে । ইপিনে মুমূৰ্ষু অবস্থাত মামনি বেগমক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পৰবৰ্তী সময়ত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ।

নলবাৰীত পৰিয়াল কেন্দ্ৰীক আক্ৰমণত আহত এজন

ABOUT THE AUTHOR

...view details