অসম

assam

By

Published : Oct 27, 2019, 10:10 AM IST

Updated : Oct 27, 2019, 5:36 PM IST

ETV Bharat / state

এই পৰ্যন্ত পৰিয়ালৰ লোকে চমজি লোৱা নাই ফালু দাসৰ মৃতদেহ

জি এম চি এইচত চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰা নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত চতেমাৰী গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ফালু দাসৰ মৃতদেহ পৰিয়ালৰলোকে চমজি ল'বলৈ অস্বীকাৰ কৰাত আজিলৈকে চিকিৎসালয়খনৰ মৰ্গতে পৰি ৰৈছে লোকজনৰ মৃতদেহ ৷

জি এম চি এইচৰ মৰ্গতে পৰি ৰৈছে মুকালমুৱাৰ ফালু দাসৰ মৃতদেহ

নলবাৰী, 27 অক্টোবৰঃগোৱালপাৰাৰ ডিটেনশ্বন কেম্পত বন্দী হৈ থকা অৱস্থাত ফালু দাসৰ মৃত্যুক কেন্দ্ৰ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে । জি এম চি এইচত চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰা নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত চতেমাৰী গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ফালু দাসৰ মৃতদেহ পৰিয়ালৰ লোকে চমজি ল'বলৈ অস্বীকাৰ কৰাত আজিলৈকে চিকিৎসালয়খনৰ মৰ্গতে পৰি ৰৈছে লোকজনৰ মৃতদেহ ৷ নিশা ভূক্তভুগী পৰিয়ালটোৰ বাসগৃহত উপস্থিত হয় কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ৷ বিধায়কগৰাকীয়ে কয় যে, শাসনাধীন চৰকাৰখনে মানুহক বিদেশী সজাই ডিটেনচন কেম্পত বন্দী কৰি ৰাখে আৰু মৃত্যুৰ পিছত স্বদেশী সজাই নিজ নিজ বাসগৃহত মৃতদেহ থৈ যাব খোজে ৷ ডিটেনচন কেম্পত লোক সকলক উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰ বাবেই তিল তিলকৈ মৃত্যুমুখত পৰিছে বুলি অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে ৷

বিধায়ক কমলাক্ষ দে পুৰকায়স্থ

উল্লেখ যোগ্য যে, জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনে ফালু দাসৰ মৃতদেহ পৰিয়ালটোক চমজি ল'বলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো প্ৰশাসনৰ এনে অনুৰোধ মানি ল'বলৈ অমান্তি হোৱাত বিষয়টোৱে জটিলতাৰ সৃষ্টি কৰিছে ৷ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি দুৰ্ভগীয়া পৰিয়ালটোৰ বাসগৃহত উপস্থিত হৈ খা-খবৰ লোৱাৰ লগতে পৰিস্থিতিৰ বুজ লৈছে ৷

ফালু দাসৰ পৰিয়াল
Last Updated : Oct 27, 2019, 5:36 PM IST

ABOUT THE AUTHOR

...view details