নলবাৰী, 14 জুন : ৰাজ্যৰ সুলভ মুল্যৰ দোকানীৰ নাজল নাথল অৱস্থা । খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অনুমোদিত সুলভ মুল্যৰ দোকানী সমূহে বছৰ বছৰ ধৰি আদায় পোৱা নাই কমিছনৰ ধন । সম্প্ৰতি ৰাজ্যত আছে ৩৮,২৩৮ গৰাকী সুলভ মুল্যৰ দোকানী । চৰকাৰীভাৱে পাব লগা কমিছনৰ ধন আদায় নোপোৱাত এই সমূহ দোকানীৰ পানীত হাঁহ নচৰা অবস্থাৰ সৃষ্টি হৈছে ।
এফালে কৰ’ণাসৃষ্ট পৰিবেশ আৰু আনফালে ব্যৱসায় বানিজ্য বন্ধ । ভূতৰ ওপৰত দানহ পৰাৰ দৰেই এতিয়া এইসকল সুলভ মূল্যৰ দোকানীৰ চৰকাৰীভাৱে পাব লগীয়া কমিছনৰ ধনো বন্ধ হৈ আছে । চৰকাৰৰ এনে বঞ্চনাৰ ক্ষোভত নলবাৰীত প্ৰতিবাদ মুখৰ হ’ল সুলভ মুল্যৰ দোকানী তথা এজেন্ট সকল ৷