নলবাৰী, 10 ছেপ্টেম্বৰ : বৰ্তমান ৰাজ্যৰ চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাক লৈ বিতৰ্ক তুংগত (controversy over Assam government education system) । বিদ্যালয় বন্ধ কৰা, বিদ্যালয় একত্ৰীকৰণ কৰা, শিক্ষকৰ দৰমহা, পদ প্ৰাদেশিকীকৰণ কৰা, পুৰণি পেঞ্চন নীতি বাহাল ৰখা আদি বিভিন্ন সমস্যাই জৰ্জৰিত কৰি ৰাখিছে ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ড (Assam govt education system) ।
ইয়াৰ বিপৰীতে চৰকাৰৰ যুক্তি, চৰকাৰী বিদ্যালয়বোৰত কমি গৈছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা । ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা অধিক হোৱা আৰু বিদ্যালয়সমূহৰ ফলাফল শোচনীয় হোৱাৰ বাবেই বিদ্যালয় বন্ধ কৰাৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰি আহিছে (School amalgamation in Assam) । তাৰ মাজতেই আকৌ দ্বিতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়ুওৱাৰ বাবে লোৱা চৰকাৰৰ হঠকাৰী সিদ্ধান্তই জোকাৰি গৈছে বৌদ্ধিক মহলত (controversy of medium in schools of Assam) ।
যাৰ বাবে বিভিন্ন পৰ্যায়ত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । আনহাতে, চৰকাৰী বিদ্যালয়সমূহত প্ৰৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা বুলি সচেতন মহলৰ দাবী । এই ক্ষেত্ৰত চৰকাৰৰ উদাসীনতাকো সমালোচনা কৰি আহিছে ৰাজ্যৰ বিৰোধী তথা বিভিন্ন দল-সংগঠনে (Protest against Assam Govt school system) । কিন্তু তাৰ মাজতে চৰকাৰী শিক্ষানুষ্ঠানলৈ এক অনন্য নজিৰ স্থাপন কৰিলে নলবাৰীৰ এগৰাকী ব্যক্তিয়ে ।