অসম

assam

ETV Bharat / state

ধমধমাত খহনীয়া প্ৰতিৰোধৰ চেষ্টা স্থানীয়ৰ

ভূটানে এৰি দিয়া পানী আৰু নেৰা-নেপেৰা বৰষুনৰ ফলত পাগলদিয়া নৈয়ে নলবাৰীৰ ধমধমাৰ বিভিন্ন অঞ্চলত প্ৰতিবছৰে ক্ষতিসাধন কৰি আহিছে ৷

ধমধমাত খহনীয়া প্ৰতিৰোধৰ চেষ্টা স্থানীয়ৰ

By

Published : Jul 31, 2019, 4:13 PM IST

নলবাৰী, 31 জুলাইঃ নলবাৰী ধমধমাত খহনীয়া প্ৰতিৰোধৰ চেষ্টা স্থানীয় ৰাইজৰ ৷ চৰকাৰ বা জলসম্পদ বিভাগলৈ অপেক্ষা নকৰি গাঁঠিৰ ধন ভাহি খহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহিল ৰাইজ ৷ উল্লেখ্য যে, ভূটানে এৰি দিয়া পানী আৰু নেৰা-নেপেৰা বৰষুনৰ ফলত পাগলদিয়া নৈয়ে নলবাৰীৰ ধমধমাৰ বিভিন্ন অঞ্চলত প্ৰতিবছৰে ক্ষতিসাধন কৰি আহিছে ৷ নলবাৰীৰ ধমধমা হৈ বাকছাৰ তামুলপুৰলৈ যোৱা একমাত্ৰ সংযোগী পথটো বিগত তিনিটাকৈ প্ৰলয়ংকাৰী বানে ছিঙি নিয়ে ৷ ফলত নিঃশেষৰ দিশে পথছোৱা৷ আনহাতে, পথৰে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰাত দুৰ্ভোগ ভুগিছে ৰাইজে৷

ধমধমাত খহনীয়া প্ৰতিৰোধৰ চেষ্টা স্থানীয়ৰ

ABOUT THE AUTHOR

...view details