অসম

assam

নলবাৰীৰ উপায়ুক্তৰ কাৰ্যালয়ত কৰ্মচাৰী নিযুক্তি কেলেংকাৰীৰ অভিযোগ

By

Published : Jan 3, 2021, 10:16 PM IST

নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত নিযুক্তি কেলেংকাৰীত জড়িত বিজেপিৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত মল্ল বৰুৱা - এই অভিযোগ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতি ।

নলবাৰীৰ উপায়ুক্তৰ কাৰ্যালয়ত কৰ্মচাৰী নিযুক্তি কেলেংকাৰীৰ অভিযোগ
নলবাৰীৰ উপায়ুক্তৰ কাৰ্যালয়ত কৰ্মচাৰী নিযুক্তি কেলেংকাৰীৰ অভিযোগ

নলবাৰী,3 জানুৱাৰীঃনলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত সদ্য নিযুক্তি প্ৰাপ্ত অফিচ পিয়ন, কনিষ্ঠ সহায়কৰ নিযুক্তিত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । এই সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোত জড়িত হৈ আছে বিজেপিৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত মল্ল বৰুৱা । দেওবাৰে সংবাদ মেল যোগে এই কথা সদৰী কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে ।

নলবাৰীৰ উপায়ুক্তৰ কাৰ্যালয়ত কৰ্মচাৰী নিযুক্তি কেলেংকাৰীৰ অভিযোগ

নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থ প্ৰতীম শৰ্মা, সাধাৰণ সম্পাদক কৌশিক কুমাৰ বৰ্মণ, প্ৰচাৰ সম্পাদক দেবব্ৰত ডেকা, চহৰ সমিতিৰ সভাপতি নয়ন শৰ্মা উপস্থিত থকা সংবাদ মেল খনত সমগ্ৰ কেলেংকাৰীটোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আৰু উৰ্চিত তদন্তৰ বিছাৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে ।

লগতে পঢ়কঃ 18 শতাংশ বৃদ্ধিৰে আবকাৰী বিভাগে সংগ্ৰহ কৰিলে অভিলেখসংখ্যক কৰ

ABOUT THE AUTHOR

...view details