অসম

assam

ETV Bharat / state

নলবাৰীত মহিলা নিৰ্বাচনী বিষয়াক প্ৰশিক্ষণ প্ৰদান - মহিলা প্ৰিজাইডিং আৰু পুলিং বিষয়া

বৃহস্পতিবাৰে নলবাৰী জিলাত মহিলা প্ৰিজাইডিং আৰু প'লিং বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হয় । বিধানসভা নিৰ্বাচনৰ বাবে জিলাখনত মুঠ ১৯ টা মহিলা নিৰ্বাচনী বিষয়াৰ দল নিয়োজিত কৰা হৈছে ।

নলবাৰীত মহিলা নিৰ্বাচনী বিষয়াক প্ৰশিক্ষণ প্ৰদান
নলবাৰীত মহিলা নিৰ্বাচনী বিষয়াক প্ৰশিক্ষণ প্ৰদান

By

Published : Mar 25, 2021, 8:40 PM IST

নলবাৰী,২৫ মাৰ্চ: নলবাৰী জিলাত মহিলা নিৰ্বাচনী বিষয়াৰ বাবে জিলা পৰিষদৰ সভাকক্ষত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । নিৰ্বাচনৰ বাবে জিলাখনত নিয়োজিত কৰা মহিলা প্ৰিজাইডিং আৰু প'লিং বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হয় । জিলাখনত মুঠ ১৯ টা মহিলা নিৰ্বাচনী বিষয়াৰ দল নিযুক্ত কৰা হৈছে । প্ৰতিটো দলত এগৰাকী প্ৰিজাইডিং বিষয়া আৰু প্ৰথম, দ্বিতীয় আৰু তৃতীয় প'লিং বিষয়া আছে ।

নলবাৰীত মহিলা নিৰ্বাচনী বিষয়াক প্ৰশিক্ষণ প্ৰদান

বৃহস্পতিবাৰে প্ৰশিক্ষণ কাৰ্যসূচীত নলবাৰীৰ জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পূৰৱী কোঁৱৰে প'লিং বিষয়াসকলক ভালদৰে নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় । মাষ্টাৰ প্ৰশিক্ষক ড৹ মণি কুমাৰ শৰ্মা, ড৹ নৱজ্যোতি ডেকা আৰু গীতিকা দত্ত শৰ্মাই বিষয়াসকলক প্ৰশিক্ষণ দিয়ে ।

১৯ টা ভোটগ্ৰহণ কেন্দ্ৰত এই মহিলা নিৰ্বাচনী বিষয়াৰ দলে কৰ্তব্য পালন কৰিব । বৃহস্পতিবাৰে বিয়লিৰ ভাগত মাইক্ৰ' পৰ্যবেক্ষকৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয় । ৫৯ নং নলবাৰী, ৬০ নং বৰক্ষেত্ৰী আৰু ৬১ নং ধৰ্মপুৰ বিধানসভা সমষ্টিৰ বাবে মুঠ ৭৬ গৰাকী মাইক্ৰ' পৰ্যবেক্ষক নিয়োগ কৰা হৈছে ।

লগতে পঢ়ক: কা বাতিলৰ দাবীত যোৰহাটত এজেৱাইচিপিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details