নলবাৰী, ৮ মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কেৱল ৰাজনৈতিক নেতা তথা দল সংগঠনৰে নহয়, তৎপৰতা বাঢ়িছে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰো ৷ নলবাৰীত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে নলবাৰী জিলা প্ৰশাসন । ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে সোমবাৰে প্ৰিজাইডিং আৰু পোলিং বিষয়া সমূহক প্ৰশিক্ষণ দিয়া হৈছে । ইয়াৰে ১০০০ গৰাকীক নলবাৰী মহাবিদ্যালয়ত আৰু মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ত ১০০০ গৰাকী প্ৰিজাইডিং আৰু প্ৰথম পোলিং বিষয়াক প্ৰশিক্ষণ দিয়া হয় । অভিজ্ঞ প্ৰশিক্ষক ড০ মনি শৰ্মা, ড০ গৌতম কুমাৰ সন্দিকৈ, ড০ নৱজ্যোতি ডেকা, গিৰীন্দ্ৰ কুমাৰ ভট্ট, ত্ৰিদীপ ঠাকুৰীয়া, কৌশিক কুমাৰ ডেকা, মনোজ কুমাৰ কলিতা, নুপুৰ কলিতা, প্ৰিয়ংকা হাজৰিকা, বিভূতিভূষণ দাস, ড০ সঞ্জীৱ গোস্বামী, ড০ ভৱেন কাকতি, বিৰাজ গোস্বামীক আদি কৰি অভিজ্ঞ প্ৰশিক্ষকসকলে প্ৰশিক্ষণ দিয়ে ।
নলবাৰীত নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰিজাইডিং আৰু পোলিং বিষয়াসকল - নলবাৰী মহাবিদ্যালয়
সোমবাৰৰ পৰা নলবাৰী মহাবিদ্যালয় আৰু মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা শিক্ষক আৰু বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীক প্ৰশিক্ষণ দিয়া হয় । জিলা নিৰ্বাচনী বিষয়া পূৰৱী কোৱঁৰৰ তদাৰকত জিলাখনত বিধানসভা নিৰ্বাচনৰ কামসমূহ পৰ্যায়ক্ৰমে কৰি থকা হৈছে ।

নলবাৰীৰ জিলা নিৰ্বাচনী বিষয়া পূৰৱী কোৱঁৰৰ তদাৰকত জিলাখনত বিধানসভা নিৰ্বাচনৰ কামসমূহ পৰ্যায়ক্ৰমে কৰি থকা হৈছে । জিলা উন্নয়ন আয়ুক্ত অভিজিত সিনহা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ দাস, অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা, ফিৰডৌচ আলম শ্বেইখ, উৰ্মি মেধি আৰু চয়নিকা ঠাকুৰীয়া সমন্বিতে চক্ৰ বিষয়াসকলৰ দায়িত্বত মুঠ ১৮ টা নিৰ্বাচনী কোষে কাম কৰি আছে । ইপিনে, সোমবাৰে নলবাৰী জিলা উপায়ুক্তৰ সভাকক্ষত উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পূৰৱী কোৱঁৰে চি পি আই, কংগ্ৰেছ আৰু বিজেপি দলৰ লোকৰ উপস্থিতিত ই ভি এমৰ বেলট ইউনিট, চেন্ট্ৰেল ইউনিট আৰু ভি ভি পেটৰ প্ৰথম ৰেণ্ডমাইজেশ্যন সম্পন্ন কৰে ।
লগতে পঢ়ক:ডিব্ৰুগড়ত লুৰীণৰ মনোনয়ন পত্ৰ দাখিল