নলবাৰী,29 ডিচেম্বৰ:সমাগত নিৰ্বাচনক লক্ষ্য হিচাপে লৈ বিজেপিয়ে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ৷ তাৰেই অংশৰূপে মঙলবাৰে নলবাৰীৰ বালিলেচাত ভাৰতীয় জনতা দলৰ মৎস্যজীৱি কোষৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতা সভা ৷ গেৰুৱা দলটোৱে ইখনৰ পিছত সিখনকৈ অনুষ্ঠিত কৰি গৈছে নিৰ্বাচনী কৌশল প্ৰয়োগৰ সভা ৷ দলটোৰ কেইবাজনো নেতাৰ উপস্থিতিত মৎস্যজীৱি কোষে অনুষ্ঠিত কৰা সভাখনত উপস্থিত থাকে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, জিলা পৰিষদৰ নিতুল ডেকা, বিজেপিৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ফণী শৰ্মা, বিধায়ক অশোক শৰ্মা, মুখপাত্ৰ মনোজ বৰুৱাকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ নেতা-কৰ্মী ৷
এই সভাত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই প্ৰকৃত জাতীয়তাবাদ ৰক্ষাৰ বাবে ৰাজপথত আন্দোলন কৰাৰ সলনি কৰ্ম-সংস্কৃতি গঢ়ি তুলিব লাগিব বুলি ভাষণ প্ৰদান কৰে ৷ নিজৰ প্ৰয়োজনীয় শাক-পাচলি নিজে উৎপাদন কৰি লব লাগিব বুলিও বৰুৱাই কয় ৷ লগতে এচাম লোকে পৰিকল্পিতভাৱে আমাৰ জাতিৰ মেৰুদণ্ড ভাঙি দিছে, সেয়ে স্বাৱলম্বী নহ’লে সন্দেহজনক নাগৰিকে আমাৰ অৰ্থনীতি কাঢ়ি নিব বুলি একপ্ৰকাৰ অভিযোগ উত্থাপন কৰে ৷ তদুপৰি নিয়োগ বিনিময় কেন্দ্ৰৰ তথ্য মতে নিবনুৱাৰ তথ্য শুদ্ধ নহয় বুলিও প্ৰকাশ কৰে জয়ন্ত মল্ল বৰুৱাই ৷