নলবাৰী,১০ জুলাই:আজি সমগ্ৰ দেশজুৰি পালন কৰা হৈছে ঈদ-উল-আজহা(Eid al-Adha 2022) ৷ ইছলাম ধৰ্মাৱলম্বীসকলৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম হ’ল ঈদ-উল-আজহা । আটক ধুনীয়াকৈ সজাই পৰাই তোলা ঈদগাহ ময়দানসমূহত দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মালম্বী লোকসকলে সম্পন্ন কৰে পৱিত্ৰ ঈদৰ সমূহীয়া নামাজ । নলবাৰীতো এক উখল-মাখল পৰিৱেশৰ মাজেৰে সম্পন্ন কৰে ঈদ উল আজহাৰ সমুহীয়া নামাজ ।
জিলাখনৰ প্ৰতিটো অঞ্চলৰ ঈদগাহ ময়দানত সমুহীয়াকৈ ঈদৰ নামাজ সম্পন্ন কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে । নলবাৰী ঈদ গাহ ময়দানত সহস্ৰাধিক লোকে একেলগে নামাজ আদায় কৰা পৰিলক্ষিত হয় । উল্লেখযোগ্য যে সমাজত শান্তি-সম্প্ৰতি আৰু ভাতৃত্ববোধ ৰখাৰ উদ্দেশ্য চৰকাৰৰ নীতি নিৰ্দেশনাক সম্পূৰ্ন সহাৰি জনায়,চৰকাৰৰ আদেশ মানি এইবেলি নলবাৰীত প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক সকলে ঈদৰ নামাজ সম্পন্ন কৰে ।