অসম

assam

ETV Bharat / state

আছুকৰ্মীক প্ৰহাৰৰ ঘটনাক কেন্দ্ৰ কৰি উত্তাল নলবাৰী - গৃহবিভাগ

নলবাৰীত আৰক্ষীৰ বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নলবাৰী জিলা ছাত্ৰ সন্থা ৷ আছুকৰ্মীক প্ৰহাৰ আৰু সাংবাদিকক কৰা দুৰ্ব্যৱহাৰৰ বাবে অসম আৰক্ষীৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ দিনটোত চহৰখনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমুৰ্তি ৰাজহুৱা স্থানত ওলোমাই আছুকৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷

প্ৰতিবাদ সাব্যস্ত
আছুকৰ্মীক প্ৰহাৰৰ ঘটনাক কেন্দ্ৰ কৰি উত্তাল নলবাৰী

By

Published : Jan 3, 2020, 12:05 AM IST

নলবাৰী,2 জানুৱাৰীঃপহিলা জানুৱাৰীত নলবাৰীত সংঘটিত আৰক্ষীৰ বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নলবাৰী জিলা ছাত্ৰ সন্থা ৷ আছুকৰ্মীক প্ৰহাৰ আৰু সাংবাদিকক কৰা দুৰ্ব্যৱহাৰৰ বাবে অসম আৰক্ষীৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ দিনটোত চহৰখনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ ৰাজ্যৰ গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি ৰাজহুৱা স্থানত ওলোমাই আছুকৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ নলবাৰী জিলা আছুৰ আহ্বানমৰ্মে জিলাখনৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই এই কাৰ্যসূচীত অংশ লয় ৷ উল্লেখ্য যে, প্ৰতিবাদী কাৰ্যসূচীৰূপে জিলাখনৰ প্ৰায়বোৰ ৰাজহুৱা স্থানত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিমূৰ্তি ওলোমাই সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷

চহৰখনৰ মাজমজিয়াৰ পি এন চি পথত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই এই কাৰ্যসূচী গ্ৰহণ কৰে ৷ ঘটনাৰ বিৱৰণী মতে, নলবাৰীৰ পৰা সৰ্থেবাৰী অভিমুখে গৈ থকা অৱস্থাত মুখ্যমন্ত্ৰী সোণোৱালক একাংশ আছুকৰ্মীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰিছিল ৷ উক্ত ঘটনাৰ আঁত ধৰি অসম আৰক্ষীৰ এজন জোৱানে আছুকৰ্মী চন্দন বেজবৰুৱাক নিৰ্মমভাৱে প্ৰহাৰ কৰে ৷ লগতে ঘটনাস্থলীত উপস্থিত থকা সাংবাদিককো দুৰ্ব্যৱহাৰ কৰে ৷

আছুকৰ্মীক প্ৰহাৰৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত

নলবাৰীত সংঘটিত উক্ত ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ যুৱ কংগ্ৰেছে । ইফালে সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশতে আৰক্ষীয়ে এই বৰ্বৰ আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ধৰ্মপুৰ যুৱ কংগ্ৰেছৰ উপ-সভাপতি নীলকমল ভূঞাই ।

লগতে চাওকঃনৱ দিগন্তৰ অন্য এক নাম ডিফু

ABOUT THE AUTHOR

...view details