অসম

assam

By

Published : Nov 7, 2020, 2:06 PM IST

ETV Bharat / state

পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে আজমলৰ প্ৰতিমূৰ্তি দাহ

নলবাৰীত সাংসদ বদৰুদ্দিন আজমলৰ প্ৰতিমূৰ্তি দাহ ৷ পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল নলবাৰী ৷ আজমলক গ্ৰেপ্তাৰৰ দাবী ৷

পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে আজমলৰ প্ৰতিমুৰ্তি দাহ
পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে আজমলৰ প্ৰতিমুৰ্তি দাহ

নলবাৰী, 7 নৱেম্বৰ:পাকিস্তান মূৰ্দাবাদ ধ্বনিৰে উত্তাল হ'ল নলবাৰী ৷ পাকিস্তান জিন্দাবাদ বিতৰ্কই ৰাজ্য তোলপাৰ লগাই থকাৰ মাজতে নলবাৰীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ,ৰাষ্ট্ৰীয় বজৰংগ দলৰ নলবাৰী জিলা সমিতিয়ে সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে নলবাৰী উত্তাল কৰি তোলে ৷

নলবাৰী চহৰৰ মাজমজিয়াত সাংসদ গৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদকাৰীসকলে আজমলক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে ৷ নলবাৰী চহৰৰ মাজেৰে প্ৰতিবাদ কৰি আহি বাটা চকত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

নলবাৰীত আজমলৰ প্ৰতিমুৰ্তি দাহ

উল্লেখ্য যে শিলচৰ বিমানবন্দৰত সাংসদগৰাকীক আদৰণি জনাবলৈ যোৱা লোকসকলে পাকিস্তান জিন্দাবাদ বুলি দিয়া শ্ল'গানৰ এক ভিডিঅ' বিয়পি পৰাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই লৈ ৰাজ্যৰ সৰ্বত্ৰে চৰ্চা অব্যাহত থকাৰ মাজতে বিভিন্ন মহলে উক্ত ঘটনাক সমালোচনা কৰি গৰিহণা দিয়াৰ পৰিৱৰ্তে অন্য একাংশই ভিডিঅ' টোৰ সত্যনিষ্ঠতাক লৈ প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ সাংসদ গৰাকীয়ে নিজেই এই ঘটনাক কোনো দুষ্ট চক্ৰৰ অভিসন্ধি বুলি আখ্যা দি দোষীক বিচাৰি শাস্তি প্ৰদানৰ পোষকতা কৰে ৷

লগতে পঢ়ক:অসম-মিজোৰাম সীমান্তত আৰক্ষীৰ মহা পৰিদৰ্শক দীপক কেডিয়া

ABOUT THE AUTHOR

...view details