অসম

assam

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ আশাবাদী শিক্ষামন্ত্ৰী

By

Published : Jul 29, 2021, 8:36 PM IST

শুকুৰবাৰে ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education Minister Ranoj Pegu) বৃহস্পতিবাৰে নলবাৰীত উল্লেখ কৰে এই কথা ৷ কামৰূপ গ্ৰাম্য আৰু নলবাৰী জিলাৰ বাহিৰে সকলো জিলাতে নম্বৰ মূল্যায়ন সুন্দৰভাৱে হৈছে বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

education-minister-at-nalbari
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ আশাবাদী শিক্ষামন্ত্ৰী

নলবাৰী, 29 জুলাই :হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল(H S Exam Result) ঘোষণা কৰাৰ পূৰ্বে বৃহস্পতিবাৰে নলবাৰীৰ ঐতিহ্যপূৰ্ণ গংগাপুখুৰী বৰকুৰিহা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education Minister Ranoj Pegu) ৷ নলবাৰীত শিক্ষামন্ত্ৰীগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ আশাবাদী বুলি জানিবলৈ দিয়ে ৷ শুকুৰবাৰে সু-শৃংখলিতভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (H S Exam Result)ঘোষণা কৰা হ’ব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত আশা ব্যক্ত কৰে । একেদৰে কেৱল কামৰূপ গ্ৰাম্য (Kamrup Rural)আৰু নলবাৰী জিলাতহে নম্বৰ মূল্যায়ন সন্দৰ্ভত কিছু খেলিমেলি হৈছে যদিও বাকীবোৰ জিলাত সুন্দৰভাৱে মূল্যায়ন হোৱা বুলি তেওঁ জানিবলৈ দিয়ে ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ আশাবাদী শিক্ষামন্ত্ৰী

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে(Education Minister Ranoj Pegu) লগতে ছাত্ৰ ছাত্ৰীৰ নম্বৰ মূল্যায়ন কৰাত কোনো অসুবিধা হোৱা নাই বুলি মন্তব্য কৰে ৷ আনহাতে বিদ্যালয়খন পৰিদৰ্শন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে গংগাপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় অসমৰ বাবে আদৰ্শ হ’ব পাৰে বুলি ঘোষণা কৰে । তেওঁ লগতে এই বিদ্যালয়খনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ক্ৰমাগতভাবে উন্নত হোৱাৰ বুলি মন্তব্য কৰে ৷ প্ৰায় পঞ্চাশ লাখ টকা বৰঙনি সংগ্ৰহ কৰি আন্তঃগাঠনিৰ উন্নয়নেৰে বিদ্যালয়খনে এক আদৰ্শ দেখুৱাইছে বুলিও তেওঁ মন্তব্য কৰে ৷

শিক্ষামন্ত্ৰী গৰাকীয়ে বিদ্যালয়খন পৰিদৰ্শন কৰাৰ সময়ত শিক্ষামন্ত্ৰীগৰাকীৰ লগতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা, বিজেপিৰ জিলা সভাপতি ড৹ মৃগাংক তালুকদাৰ আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক সীমান্ত কুমাৰ ডেকা উপস্থিত থাকে ।

লগতে পঢ়ক :সীমান্তমুখী মন্ত্ৰী অতুল বৰাৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত : 5 নিৰাপত্তাৰক্ষী আহত

ABOUT THE AUTHOR

...view details