নলবাৰী, ১ নৱেম্বৰ: দীপাৱলীৰ সময়ত বজাৰৰ জাকজকমীয়া লাইটেৰে বাসগৃহ সজাই তুলিলেও মাটি চাকিৰ অবিহনে যেন সকলো আধৰুৱা । সেয়ে, এতিয়াও সমাদৰ লাভ কৰে মাটি চাকিয়ে । বিগত বৰ্ষত কৰ'ণা মহামাৰী, লকডাউনৰ বাবে ব্যৱসায়ত লোকচানৰ সন্মুখীন হোৱাৰ পাচত এতিয়া পুনৰ মনত আশা লৈ ন উদ্যমেৰে মাটিৰ চাকি প্ৰস্তুত কৰিছে মৃৎ শিল্পীসকলে । ব্যতিক্ৰম নহয় নলবাৰীৰ বৰ চৰিয়া গাঁৱৰ মৃৎ শিল্পীসকলো ।
গাঁওখনৰ ঘৰে ঘৰে এতিয়া ব্যস্ততাপূৰ্ণ পৰিৱেশ । মাটি চাকিৰ লগতে, মৃৎ শিল্পীসকলে মাটিৰে আন বহুতো সামগ্ৰী প্ৰস্তুত কৰিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হয় এই মাটিৰ চাকিসমূহ । বিগত সময়ত ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে এই মৃৎ শিল্পীসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছিল যদিও সম্প্ৰতি চৰকাৰে কিছু শিথিলতা অনাৰ বাবে এইসকল শিল্পীয়ে কিছু সকাহ পাইছে ।
চীনা সামগ্ৰীক প্ৰত্যাহ্বান জনাবলৈ সম্পূৰ্ণ ৰূপে সাজু হৈছে এই থলুৱা শিল্পী সকল । গাঁওখনৰ প্ৰতিখন গৃহত প্ৰায় ১৫ হাজাৰ চাকি প্ৰস্তুত কৰা হৈছে ।