অসম

assam

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 4:35 PM IST

ETV Bharat / state

Durga Puja in Nalbari : ৰাম কলগছক দেৱী সজাই বিল্বেশ্বৰ দেৱালয়ত প্ৰতিষ্ঠা কৰা হ’ব মা দুৰ্গাক

আজি ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ব দুৰ্গতিনাশিনী দূৰ্গাক । নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত নদিনীয়াকৈ অনুষ্ঠিত হৈছে দুৰ্গা পূজা । ডাল ৰাম কল গছক দেৱীৰ ৰূপ দি দুৰ্গা পূজাৰ পূজা অৰ্চনা কৰা হয় দেৱালয়খনত ।

Durga Puja in Nalbari
ৰাম কলগছক দেৱী সজাই বিল্বেশ্বৰ দেৱালয়ত প্ৰতিষ্ঠা হ’ব মা দুৰ্গাক

ৰাম কলগছক দেৱী সজাই বিল্বেশ্বৰ দেৱালয়ত প্ৰতিষ্ঠা কৰা হ’ব মা দুৰ্গাক

নলবাৰী, ২০ অক্টোবৰ : আজি মহা ষষ্ঠী । ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ব দুৰ্গতিনাশিনী মা দূৰ্গাক । নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়তো নদিনীয়াকৈ অনুষ্ঠিত হৈছে দুৰ্গা পূজা । প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হৈছে বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজা ।

উল্লেখ্য যে দেৱী দুৰ্গাক নটা ৰূপত পূজা কৰা হয় শৈৱশক্তিপীঠ বিল্বেশ্বৰ দেৱালয়ত । কিন্ত উক্ত শক্তিপীঠৰ দেৱালয়ত প্ৰতিষ্ঠা কৰা নহয় মূৰ্তি । ইয়াৰ বিপৰাতে এডাল ৰাম কল গছক দেৱীৰ ৰূপ দি কৰি অহা হৈছে দুৰ্গতি নাশিনী দুৰ্গা পূজাৰ পূজা অৰ্চনা । জানিব পৰা মতে ৰজা নাগক্ষৰ দিনৰে পৰা নলবাৰীস্থিত শক্তিপীঠখনত কৰি অহা হৈছে ৰাম কল গছক পূজা অৰ্চনা । বিগত বৰ্ষসমূহৰ দৰে এইবৰ্ষতো কাষৰীয়া সাহপুৰৰ এঘৰ লোকৰ পৰা সম্পূৰ্ণ আধ্যত্মিকতাৰে পূজা অৰ্চনা কৰি ৰাম কলগছৰ পুলি এটাক দেৱী সজাই ধৰ্মীয় শোভাযাত্ৰাৰে অনা হৈছে বিল্বেশ্বৰ দেৱালয়লৈ ।

আনহাতে যিহেতু এইবেলি দুৰ্গতি নাশিনী দুৰ্গা দেৱী ঘোঁৰাৰে আগমন ঘটিছে, সেয়েহে বিল্বেশ্বৰৰ দেৱালয়লৈকো দেৱীক ঘোঁৰাত উঠাই শোভাযাত্ৰা কৰি অনা হয় । অঞ্চলটোৰ শ-শ ভক্তই উক্ত শোভাযাত্ৰাত অংশগ্ৰহণ কৰি দুৰ্গা দেৱীক ধৰ্মীয় সাজ পৰিধান কৰাই অনা হয় । এনেবোৰ তাৎপৰ্যৰ বাবেই শক্তিপীঠখনৰ আধ্যাত্মিকতাই এক সুকীয়া স্থান লাভ কৰি আহিছে ।

ইফালে শুকুৰবাৰৰ সন্ধিয়া কাত্যায়নীৰ ৰূপত দেৱীক প্ৰতিস্থা কৰা হ’ব বিল্বেশ্বৰ দেৱালয়ত । ৰাম কলগছৰ পুলি সজাই দেৱীক প্ৰতিস্থা কৰা হ’ব বিল্বেশ্বৰত আৰু উক্ত ৰাম কলপুলিৰ এক বিশাল ধৰ্মীয় শোভাযাত্ৰাৰে সাহপুৰৰ গামাৰিমুৰি চুবুৰিৰ পৰা লৈ অহা হ’ব ৷

লগতে পঢ়ক:Durga Puja 2023 : মহা মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা পূজা মণ্ডপে আকৰ্ষণ কৰিছে যোৰহটীয়া ৰাইজক

ABOUT THE AUTHOR

...view details