নলবাৰী, 31 মে’ : ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ নলবাৰীতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ জিলাখনৰ মুকালমুৱাত সোমবাৰে ড্ৰাগছসহ চাৰিজনক আটক কৰে আৰক্ষীয়ে । মুকালমুৱাৰ চুঙৰবড়ীত মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত অভিযান চলাই 22 টা ড্ৰাগছৰ কণ্টেইনাৰসহ চাৰিজন ড্ৰাগছ আসক্তক আটক কৰা হয় ।
নলবাৰীৰ মুকালমুৱাত ড্ৰাগছসহ আটক চাৰিজন - ড্ৰাগছ
সোমবাৰে মুকালমুৱাত ড্ৰাগছসহ চাৰিজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত চলিছে ড্ৰাগছ বিৰোধী অভিযান ৷ সৰবৰাহকাৰী কেইজনৰ পৰা 22 টা ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৷

মুকালমুৱাত ড্ৰাগছসহ আটক চাৰিজন
মুকালমুৱাত ড্ৰাগছসহ আটক চাৰিজন
ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন হাজোৰ বৰ্ণিৰ মকবুল আলী ওৰফে বদন, ঘোগা গাঁৱৰ ৰছীদ আলী ওৰফে শগুন, লোহাৰকাঠাৰ ৰফিকুল আলী আৰু 2 নং ঘোগাৰ ছাদ্দাম আলী । উল্লেখ্য যে, মুকালমুৱা আৰক্ষীয়ে বৰক্ষেত্ৰী অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই আছে আৰু নিতৌ ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ব কৰা পৰিলক্ষিত হৈছে ৷ আনহাতে ড্ৰাগছ সৰবৰাহকাৰীসকলক তীব্ৰ সকীয়নি দিছে মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাই ।
লগতে পঢ়ক :গোলাঘাটত ড্ৰাগছ আসক্তৰ বিস্ফোৰক স্বীকাৰোক্তি
Last Updated : May 31, 2021, 5:06 PM IST