নলবাৰী,২ মাৰ্চঃ নলবাৰী জিলাত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ ব্যৱসায়ীৰ দৌৰাত্ম । শনিবাৰে নলবাৰী জিলাৰ জাগৰাত বেলশৰ আৰক্ষীৰ হাতত ড্ৰাগছসহ কৰায়ত্ত হ'ল দুই ড্ৰাগছ ব্যৱসায়ী ।উল্লেখ্য যে শনিবাৰে বিয়লি মুকালমুৱাৰ পৰা ৱাহেদুৰ ৰহমান আৰু আবুল আলী নামৰ দুই ড্ৰাগছ ব্যৱসায়ীয়ে AS01 AH2866 নম্বৰৰ এখন দাটছন গাড়ীত কঢ়িয়াই আনিছিল বৃহৎ পৰিমাণৰ নিচাযুক্ত টেৱলেট আৰু দুই কাৰ্টুন নিচজাতীয় দ্ৰৱ্যৰ বটল ।
ড্ৰাগছ সহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী - বেলশৰ আৰক্ষী
এখন বিলাসী বাহনত কঢ়িয়াই অনা হৈছিল ড্ৰাগছখিনি
ড্ৰাগছ সহ নলবাৰীত আটক দুই ড্ৰাগছ ব্যৱসায়ী
উল্লেখ্য যে গোপন সূত্ৰৰ পৰা আহৰন কৰা তথ্যৰ ভিত্তিত পূৰ্বৰে পৰা খাপ পিটি থকা বেলশৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰগয়াৰীৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে গাড়ী সহ আটক কৰে দুই ব্যৱসায়ীক । অধিক তথ্যৰ বাবে বৰ্তমান আৰক্ষীয়ে বেলশৰ থানাত জেৰা অব্যাহত ৰাখিছে দুই ব্যৱসায়ীৰ ।